![]()
নিউজ ডেস্কঃ
প্ৰথমে মুছলিম ছাত্রীসকলে আৰম্ভ কৰা আন্দোলনত ক্রমশ যোগদান কৰিছে কলেজৰ ছাত্র সমাজেও। হিজাব পিন্ধি কলেজ চৌহদত প্রবেশ আৰু পাঠগ্ৰহণৰ অধিকাৰৰ দাবীত আৰম্ভ হোৱা এই আন্দোলনৰ ফলত ক্রমশ অশান্ত হৈছে কর্নাটকৰ বিভিন্ন এলেকা।
শনিবাৰে উপকূলীয় চহৰ কুন্দাপুৰৰ ভাণ্ডাৰকৰ্ছ আর্টছ এণ্ড ছায়েন্স ডিগ্রী কলেজৰ গে’টত হিজাব পিন্ধিব দিয়াৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰে সংখ্যালঘু ছাত্রীসকলে। অভিযোগ, কলেজৰ নিৰাপত্তাৰক্ষীয়ে তেওঁলোকক হিজাব পিন্ধি কলেজ তপ্ৰৱেশ কৰিব দিয়া নাই।
সেই সময়তে স্থানীয় কিছু শিক্ষাপ্রতিষ্ঠানৰ মুছলিম ছাত্রসকলেও বিক্ষোভত যোগ দিয়ে। শুক্রবাৰে কুণ্ডাৰপুৰৰেই অন্য এখন কলেজৰ গে’টত ছাত্রীসকলৰ হিজাব-বিক্ষোভৰ সমর্থনত অংশগ্ৰহণ কৰিছিল বহু কেইজন কলেজীয়া ছাত্রই।
এনে পৰিস্থিতিত কর্নাটকৰ শিক্ষামন্ত্রী তথা বিজেপি নেতা বি চি নাগেশৰ দাবী, বিক্ষোভকাৰী ছাত্রীসকলে আগতে হিজাব পিন্ধাই নাছিল। প্রশাসনিক নির্দেশনা জাৰিৰ পিছত অশান্তি সৃষ্টিৰ উদ্দেশ্যে বিক্ষোভ আৰম্ভ কৰিছে। প্রয়োজনত এই বিষয়ত প্রশাসনিক হস্তক্ষেপৰ সতৰ্কবাণীও দিয়ে তেওঁ।
উল্লেখ্য, কর্নাটকৰ উদুপি জিলাত প্রশাসনে সম্প্রতি হিজাব পিন্ধি ছাত্রীসকলক শ্ৰেণীকোঠালৈ যোৱা সন্দৰ্ভত কিছু বাধা-নিষেধ জাৰি কৰে। নির্দেশনাটোত কোৱা হয়, ‘হিজাব পিন্ধি ছাত্রীসকল কলেজ চৌহদত প্রবেশ কৰিব নোৱাৰিব।
স্কার্ফ পিন্ধি কলেজ চৌহদত প্রবেশ কৰিব পাৰিব। অৱশ্যে স্কার্ফৰ ৰং হ’ব দোপাট্টাৰ ৰঙৰ। চৌহদ আৰু কলেজ কেন্টিনত অন্য কোনো পোছাক পিন্ধিব দিয়া নহ’ব।’ প্রশাসনিক বার্তা লাভ কৰিয়ে বিভিন্ন কলেজ কর্তৃপক্ষই হিজাবত বাধা-নিষেধ জাৰি কৰে।












