![]()
নিউজ ডেস্কঃ
শনিবাৰে পুৱা প্রকাশিত কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ কোভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশত কৰোনা আক্রান্ত হৈছে ১ লক্ষ ২৭ হাজাৰ ৯৫২ জন। যিটো শুক্রবাৰৰ তুলনাত ১৪ শতাংশ কম। লগতে কমিছে সংক্রমণৰ হাৰো। বিগত ২৪ ঘণ্টাত দেশত সংক্রমণৰ হাৰ কমি হৈছে ৭.৯ শতাংশ।
আনহাতে, বিগত ২৪ ঘণ্টাত কৰোনাৰ পৰা সুস্থ হৈছে ২ লক্ষ ৩০ হাজাৰ ৮১৪ জন। এই পৰ্যন্ত সুস্থ হৈ উঠিছে ৪ কোটি ২ লক্ষ ৪৭ হাজাৰ ৯০২। ইফালে বিগত ২৪ ঘণ্টাত দেশত ১,০৫৯ জন কৰোনাত মৃত্যু হৈছে। ইতিমধ্যে দেশত মুঠ কৰোনাত মৃত্যুৰ সংখ্যাই ৫ লাখ অতিক্ৰম কৰিছে।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত ১৬ লক্ষ ৩ হাজাৰ ৮৫৬টা নমুনা পৰীক্ষা কৰা হৈছে। ইয়াৰ ফলত দেশত ৭৩ কোটি ৭৯ লক্ষ নমুনা পৰীক্ষা হ’ল।












