![]()
নিউজ ডেস্কঃ
কর্নাটকৰ কলেজত হিজাব বনাম গেৰুৱা স্কার্ফ বিতর্কৰ অন্ত পৰা নাই। বৰং নতুনকৈ উত্তেজনাৰ সৃষ্টি হ’ল।
এদল ছাত্ৰীয়ে গেৰুৱা স্কার্ফ ডিঙিত ওলোমাই সমদল কৰি কলেজত প্ৰৱেশ কৰে। উদুপি জিলাৰ কুন্দপুৰৰ কলেজখনত প্ৰৱেশৰ সময়ত দিলে জয় শ্রীৰাম ধ্বনি। তেওঁলোকৰ কাষতেই মুছলিম ছাত্রীসকলে ক’লা হিজাব পিন্ধি থিয় হৈ থকা দেখা গ’ল। কাষত আছিল এখন আৰক্ষীৰ গাড়ীও। হিজাব আৰু গেৰুৱা স্কার্ফ মিলাই সৃষ্টি হৈছে অগ্নিগর্ভ পৰিস্থিতিৰ।












