ASSAM TIMES POST
নগাঁওঃ মেঘালয়ত চুৰি হোৱা এখন ফ’ৰহিল ট্ৰাক নগাঁও চহৰৰ হয়বৰগাঁৱৰ এটা গেৰেজত আজি উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।উক্ত ট্ৰাকখন হয়বৰগাঁৱৰ ‘জৈন ‘ উপাধিৰ এজন বিতৰ্কিত লোকে উক্ত গেৰেজত ৰাখিছিল বুলি গেৰেজটোৰ মালিকে জনাইছে।
উল্লেখ্য , মেঘালয়ৰ জোঁৱাই জিলাৰ এটা পেট্ৰল পাম্পৰ পৰা ৯ ছেপ্টেম্বৰৰ নিশা এম এল ০৪ বি ২২৭৪ নম্বৰৰ ট্ৰাকখন চুৰি হৈছিল।পেট্ৰ’ল ডিপোটোৰ চি চি টিভিত উক্ত ট্ৰাকখন চুৰিৰ লগত নগাঁও জিলাত পঞ্জীয়নভূক্ত এখন চুইফট ডিজায়াৰ গাড়ী জড়িত থকাৰ দৃশ্য বন্দী হৈছিল।সেই সূত্ৰৰ আঁত ধৰি জোঁৱাই জিলাৰ আৰক্ষীৰ এটা দল ১৮ ছেপ্টেম্বৰত নগাঁৱত উপস্থিত হৈছিল।
মেঘালয়ৰ আৰক্ষীয়ে জৈন নামৰ ব্যৱসায়ীজন থকা হয়বৰগাঁৱৰ ভাড়া ঘৰটো চিনাক্ত কৰে আৰু ঘৰটোৰ সন্মুখতে উল্লেখিত চুইফট ডিজায়াৰখন দেখা পায়।এই সম্পৰ্কত নগাঁও আৰক্ষীক মেঘালয় আৰক্ষীয়ে লগে লগে অৱগত কৰিছিল। নগাঁও চহৰৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এটা দল জৈনৰ ঘৰত উপস্থিত হয় যদিও ইতিমধ্যে ব্যৱসায়ীজনে পলায়ন কৰে।
হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে অভিযুক্ত ব্যৱসায়ীজনক আটক কৰাৰ ক্ষেত্ৰত যেনেদৰে তৎপৰতা প্ৰদৰ্শন কৰিব লাগিছিল তেনেদৰে ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ উঠিছে। আনকি ট্ৰাক চুৰিত ব্যৱহৃত চুইফট ডিজায়াৰ গাড়ীখন মেঘালয়ৰ আৰক্ষীয়ে হয়বৰগাঁও আৰক্ষী চকীলৈ লৈ যাবৰ বাবে ভাৰপ্ৰাপ্ত বিষয়াজনক অনুৰোধ জনোৱাৰ পিছতো ভাৰপ্ৰাপ্ত বিষয়াজনে কোনো গুৰুত্ব নিদিলে।
তাৰ ফলত নিশাই চুইফট ডিজায়াৰখন সন্ধানহীন হয়।বিফল মনোৰথলৈ মেঘালয়ৰ আৰক্ষীৰ দলটো ঘূৰি যায় যদিও গোপনে চুৰি ট্ৰাকখনৰ সন্ধান অব্যাহত ৰাখে। সেই সূত্ৰেই উক্ত ব্যৱসায়ী জনৰ ভাড়াঘৰৰ পৰা মাত্ৰ দুশ মিটাৰমান দূৰত্বতে এটা গেৰেজত আজি গাড়ীখন উদ্ধাৰ হয়।
গাড়ীখন নতুনকৈ ৰং কৰাৰ লগতে পূৰ্বৰ নম্বৰ প্লেট আতৰাই কাৰ্বি আংলঙৰ পঞ্জীয়নভূক্ত এখন টেম্প’ৰ নম্বৰ প্লেট লগোৱা আছিল।গাড়ীখন নিবৰ বাবে আজি মেঘালয়ৰ দল এটা নগাঁৱত উপস্থিত হয়হি।













