![]()
ব্ৰেকিংঃ
দেশবাসী বাবে এক দুঃখবৰ।কোকিলকণ্ঠী লতা মংগশকাৰ আৰু নাই।দেওবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে শিল্পী গৰাকীয়ে।শিল্পী গৰাকীৰ মৃত্যুৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে।৯২বছৰৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ভাৰতৰত্ন শিল্পী গৰাকী।
উল্লেখযোগ্য যে যোৱা ৮ জানুৱাৰীত ক’ভিডত আক্ৰান্ত হোৱাৰ পিছত মুম্বাইৰ ব্ৰীছকেণ্ডী হাস্পাতালত ভৰ্ত্তি কৰোৱা হৈছিল শিল্পীগৰাকীক। ক’ভিডৰ লগতে নিমোনিয়াতো আক্ৰান্ত হোৱাত তেওঁৰ স্বাস্থ্য গুৰুতৰ হৈ পৰিছিল।
উন্নত চিকিৎসাৰ পাছতেই জানুৱাৰী শেষৰ ফালে তেওঁ ক’ভিডমুক্ত হোৱাৰ উপৰি নিমোনিয়াৰ পৰাও মুক্ত হৈছিল।কিন্তু দুদিন পূৰ্বে তেওঁৰ স্বাস্থ্যৰ পুনৰ অৱনতি ঘটাত ভেণ্টিলেটৰত ৰখা হৈছিল শিল্পী গৰাকীক।












