![]()
নিউজ ডেস্কঃ
প্রায় এমাহৰ জীৱন-মৰণৰ সৈতে যুঁজৰ অন্তত মুম্বাইৰ ব্রিচ কেন্ডি হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে কোকিলকণ্ঠী লতা মঙ্গেশকাৰে। তেওঁৰ প্রয়াণত ইতিমধ্যে শোক প্ৰকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদী, ৰাষ্ট্রপতি ৰামনাথ কোবিন্দসহ দেশৰ সকলোৱে।
তেওঁৰ মৃতদেহ ৩টা পর্যন্ত তেওঁৰ ঘৰত ৰখা হ’ব। তাত শেষ দর্শন কৰিব পাৰিব শিল্পী তথা অনুৰাগীসকলে। ইয়াৰ পিছত মুম্বাইৰ শিৱাজী পার্ক শ্মশানত বিয়লি ৪টাৰ থাকিব লতা মঙ্গেশকাৰৰ মৃতদেহ।
সন্ধিয়া ৬.৩০ বজাত পূর্ণ ৰাষ্ট্রীয় মর্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব ‘ভাৰত ৰত্ন’ লতা মঙ্গেশকাৰৰ। তেওঁক শ্রদ্ধা জনাবলৈ তাত উপস্থিত হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোদী। ইতিমধ্যে তেওঁ মুম্বাই অভিমুখে ৰাওনা হৈছে। মহাৰাষ্ট্র চৰকাৰে লতা মঙ্গেশকাৰৰ শেষকৃত্যৰ সকলো ব্যৱস্থাপনা কৰিছে।সূত্রৰ খবৰ অনুযায়ী, আগন্তুক দুদিন লতা মঙ্গেশকাৰৰ প্রয়াণত ৰাষ্ট্ৰীয় শোক পালন কৰা হ’ব।












