![]()
বিশেষ প্ৰতিবেদনঃ
দেওবাৰে চিৰবিদায় ল’লে সুৰ সম্ৰাজ্ঞী লতা দিদিয়ে। ৯২ বছৰ বয়সত ইহজগতৰ পৰা বিদায় ল’লেও ৰাখি গৈছেন তেওঁৰ সুৰৰ যাদু। সুৰৰ জগতৰ লগতে তেওঁৰ উৎসাহ আছিল ক্রিকেটসহ নানা ক্ষেত্রত।

১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত লতাৰ জন্ম এক মাৰাঠি পৰিয়ালত। মাত্র ১৩ বছৰ বয়সতে পিতৃক হেৰুৱায়। মঞ্চাভিনেতা আৰু গায়ক দীননাথৰ জীয়াৰীক প্রথমতে ‘হেমা’ বুলি মতা হৈছিল। দীননাথৰ ‘ভাব বন্ধন’ নাটকৰ ‘লতিকা’ নামৰ চৰিত্রত অনুপ্ৰাণিত হৈ তেওঁৰ নাম সলনি কৰি ৰখা হয় ‘লতা’।
সেই সৰু হেমাই সুৰৰ জগতৰ নক্ষত্র হৈ উঠে। ভাৰতৰত্ন সম্মানেৰে বিভূষিত হয়। জীৱিত অৱস্থাতে তেওঁৰ নামত পুৰস্কাৰো দিয়া হয়। প্রথম গান ৰেকর্ড কৰি লতাই উপাৰ্জন কৰিছিল ২৫ টকা। কিন্তু সেইখিনি উপাৰ্জন কৰিবলৈয়েই বিস্তৰ বাধা অতিক্ৰম কৰিব লগা হৈছিল তেওঁ।
কম বয়সতে পিতৃক হেৰুওৱাৰ পিছত পৰিয়ালৰ দায়িত্ব কান্ধ পাতি লয় লতাই। আশা, ঊষা, মীনা আৰু হৃদয়নাথ— ভাই-ভনীক প্রতিপালনৰ বাবে কম বয়সতেই উপার্জনৰ পথ বিচাৰিব লগা হয় তেওঁ।

পিতৃৰ মৃত্যুৰ পিছত পৰিয়ালৰ বন্ধু বিনায়ক দামোদৰ কর্নাটকিৰ সাহায্য লাভ কৰিছিল লতা আৰু ভাই-ভনীহঁতে। ‘নবযুগ চিত্রপট’ ফিল্ম কোম্পানিৰ মালিক বিনায়কৰ প্রচেষ্টাত মাৰাঠি ছবিত অভিনয় আৰু গান গোৱাৰ সুযোগো আহে। উপার্জনৰ তাগিদেই ছবিত অভিনয় কৰে। তেতিয়া বয়স মাত্র ১৩।
বলিউড ছবিত নেপথ্য-গায়িকা হিচাবে লতাৰ প্রথম ছবি ‘মহল’, ১৯৪৯ চনত। অৱশ্যে তাৰ পূৰ্বে ১৯৪২ চনত মাৰাঠি ছবি ‘কিতী হসাল’ত প্রথম গান ৰেকর্ড কৰে লতাই। কিন্তু অশোক কুমাৰ-মধুবালা অভিনীত ‘মহল’ ছবিয়ে তেওঁৰ কেৰিয়াৰৰ মোৰ ঘূৰাই দিয়ে। ছবিখনৰ ‘আয়েগা আনেৱালা’ গানটি তুমুল জনপ্রিয় হোৱাৰ পিছত আৰু ঘূৰি চাব লগা হোৱা নাই লতাই।

নেপথ্য-গায়িকা হিচাবে প্রায় সাত দশকত ৩৬টাৰো অধিক ভাৰতীয় ভাষাত গান ৰেকর্ড কৰিছে। কিন্তু যিটো গানত লতাৰ কণ্ঠক কোনোৱে পাহৰিব নোৱাৰে, কল্পনা কৰিব নোৱাৰে, সেইটো হ’ল ‘অ্যায় মেৰে ৱাতন কি লোগোঁ’। ১৯৬৩ চনত ভাৰত-চীন যুদ্ধৰ সময়ত লতাৰ কণ্ঠত গানটো শুনি অশ্রু নিগৰাইছিল তৎকালীন প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱেও।












