![]()
ডিফুঃ
জিলা আইন সেৱা প্ৰাধিকৰণ চমুকৈ ডিএলএছএৰ তৎপৰতাত পুত্ৰৰ দ্বাৰা ৰাজ পথত এৰি থৈ যোৱা এগৰাকী আশীতীপৰ বৃদ্ধা মাতৃক উদ্ধাৰ কৰিলে আৰক্ষীয়ে ৷
প্ৰাপ্ত খবৰ অনুসৰি আজি বিয়লি ডিফু ন্যায়িক আদালতৰ অধিবক্তা কণিকা দাসে ডিএলএছএক ফোন যোগে অৱগত কৰে যে এগৰাকী আশীতীপৰ বৃদ্ধা মহিলাক নিজ পুত্ৰই ডিফু এমজি ৰোডৰ ৰিলায়েন্স ট্ৰেণ্ডছৰ ওচৰত এৰি থৈ গৈছে ৷ উক্ত বিষটি ডিএলএছএই তৎক্ষণাত সমাজ কল্যাণ কাৰ্যালয় আৰু ডিফু আৰক্ষীক জনায় ৷
ঘটনাৰ সম্ভেদ লাভ কৰি ডিফু আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত বৃদ্ধা মহিলা গৰাকীক উদ্ধাৰ কৰাৰ লগতে বৃদ্ধা গৰাকীক নিজ পুত্ৰৰ হাতত পুণৰ চমজাই দিয়ে ৷ জানিব পৰা মতে বৃদ্ধা মহিলা গৰাকী ডিফু পানবাৰী কালী মন্দিৰৰ ওচৰৰ হিমানী দাস আৰু তাইৰ পুত্ৰ নাম সঞ্জয় দাস বুলি জানিব পৰা গৈছে ৷












