![]()
নিউজ ডেস্কঃ
প্রতিদিনে গড়ে তিনিজনকৈ বিগত ২২ বছৰত এক হাজাৰ লোকক ডাইনী সন্দেহত মৰিয়াই হত্যা কৰা হৈছে ঝাড়খণ্ডত। ২০২২ চনত এই পৰ্যন্ত পাঁচজন এই কুসংস্কাৰৰ বলি হৈছে। চাৰিজনৰ মৃত্যু হৈছে। ঝাড়খণ্ড আৰক্ষীৰ ৰিপোর্টত এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ। উক্ত ৰিপোর্ট মতে, ডাইনী অপবাদত মৰিয়াই হত্যাৰ ঘটনাত এক হাজাৰজনৰ ভিতৰত ৯০ শতাংশই মহিলা।
উল্লেখ্য, ২০০০ চনত বিহাৰৰ পৰা পৃথক হৈ স্বতন্ত্র ৰাজ্য হিচাবে ঘোষণা কৰা হয় ঝাড়খণ্ডক। তথ্য মতে, ২০২১ চনত ২৪ জন এই কুসংস্কাৰৰ বলি হৈছে।
বিগত ২ জানুৱাৰীত ঝাড়খণ্ডৰ গুমলা জিলাৰ লুকিয়া গাঁৱত এগৰাকী মহিলাক ডাইনী অপবাদত মাৰধৰ কৰাৰ পিছত মৃত্যু হয়। মাকক ৰক্ষা কৰিবলৈ যোৱা দুই পুত্ৰ অজয় আৰু সঞ্জয়ো ৰক্ষা নপৰে। দুয়োকে বান্ধি লৈ নির্মম প্রহাৰ কৰে। দুয়ো ভাই গুৰুতৰবাৱে আহত হয়। একেদৰে ৫ জানুৱাৰীত খুনতি জিলাৰ অদকি থানাৰ তিৰলা গাঁৱত এক স্বামী-স্ত্ৰীক মৰিয়াই হত্যা কৰে প্রতিবেশীয়ে। ১২ জানুৱাৰীতো ডাইনী সন্দেহত থেতাই থানাৰ অন্তর্গত কুড়পানি গাঁৱত এগৰাকী মহিলাক ডাইনী অপবাদত প্ৰচণ্ড মাৰপিট কৰাত মৃত্যু হয় তেওঁৰ। ২৭ জানুৱাৰীতো ডাইনী সন্দেহত হত্যা কৰা লহয় এজনক।
ঝাড়খণ্ড আৰক্ষীৰ ৰিপোর্ট অনুযায়ী, বিগত সাত বছৰ ধৰি প্রতি বছৰে গড়ে ডাইনী সন্দেহত হত্যাৰ ঘটনা ৩৫টা। চিআইডিৰ ৰিপোর্ট মতে, ২০১৫ চনত ৪৬, ২০১৬ চনত ৩৯, ২০১৭ চনত ৪২, ২০১৮ চনত ২৫, ২০১৯ চনত ২৭ আৰু ২০২০ চনত ২৮ জন এই কুসংস্কাৰৰ বলি হয়েছেন। ২০২১ৰ সম্পূৰ্ণ তথ্য এতিয়াও অহা নাই যদিও আৰক্ষীৰ ওচৰত ২৪জনক হত্যা কৰাৰ তথ্য আছে৷ বিগত সাত বছৰত ঝাড়খণ্ডত ২৩০ জনৰ মৃত্যুৰ কাৰণ হ’ল ডাইনী অপবাদ। বিগত ২২ বছৰত সংখ্যাটো এক হাজাৰৰো বেছি!













