![]()
নিউজ ডেস্কঃ
৮২ বছৰীয়া স্বামীৰ বিৰুদ্ধে ৭৮ বছৰীয়া পত্নীৰ যৌতুক বিচাৰি অত্যাচাৰৰ অভিযোগ। চাঞ্চল্যকৰ এই ঘটনা ঘটিছে উত্তৰ প্রদেশৰ কানপুৰৰ চাকেৰি এলেকাত। বৃদ্ধাগৰাকীৰ এই পদক্ষেপত আচৰিত হ’ল তেওঁৰ সন্তানো। স্বামী, জোঁৱাইসহ মুঠ ছয়জনৰ বিৰুদ্ধে অভিযোগ কৰিছে বৃদ্ধাগৰাকীয়ে। তেওঁক মাৰধৰ কৰি ঘৰৰ পৰা উলিয়াই দিয়া বুলিও তেওঁৰ দাবী।
আৰক্ষীয়ে উক্ত ঘটনাত যৌতুকবিৰোধী আইনত গোচৰ দাখিল কৰি তদন্ত আৰম্ভ কৰিছে। গণেশ নাৰায়ণ শুক্লা নামৰ বৃদ্ধজনৰ সন্তান ৰাজনীশে জনোৱা মতে, তেওঁৰ মাতৃয়ে কোনো আত্মীয়ৰ প্ৰৰোচনাতে এই কাণ্ড ঘটাইছে। তেওঁ কয়, ‘‘আমাৰ পিতৃ অবাক হৈ গৈছে তেওঁৰ বিৰুদ্ধে যৌতুকবিৰোধী আইনত গোচৰ ৰুজু হোৱা বুলি শুনি।’’ আনহাতে, প্রতিবেশীৰ বক্তব্য, গণেশ লাঠি অবিহনে লৰচৰ কৰিব নোৱাৰে। সেই গণেশৰ বিৰুদ্ধেই এই গোচৰ দাখিলত চাঞ্চল্য সৃষ্টি হৈছে এলেকাটোত।













