![]()
নিউজ ডেস্কঃ
“মাক্স-চেনিটাইজাৰ বাহিৰে ১৫ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত প্ৰত্যাহাৰ হব কোভিডৰ সকলো বাধা-নিষেধ।স্বভাৱিক হৈ পৰিব ৰাজ্য জনজীৱন”-সংবাদমেল যোগে ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।উপ-নিৰ্বাচন, পৌৰ সভা নিৰ্বাচন আৰু আগন্তক পৰীক্ষা বাবে কোভিডৰ বাধা নিষেধসমূহ প্ৰত্যাহাৰ কৰা বুলিও তেওঁ কয়।কোভিডৰ পৰিৱেশ ৰাজ্যখনত ভাল হৈছে।সৰুসজাই কোভিড কেয়াৰ চেণ্টাৰত বৰ্তমানসময়ত নাই এজনো ৰোগী।ঠিক একেদৰে গুৱাহাটী মেডিকেল কলজে হাস্পতালৰ কোভিড চেণ্টাৰটো ৰোগী সংখ্যা ৫০শতাংশলৈ হ্ৰাস হোৱা বুলি শৰ্মাই কয়।জনতা ভৱনত সম্বোধন কৰা সংবাদমেলত মুখ্যমন্ত্ৰীয়ে মেট্ৰিক-হাইয়াচেকেণ্ডেৰী পৰীক্ষাৰ্থীক দুয়োপালি ভেকিচিন লোৱা আহ্বান জনায়।ইয়াৰ বাবে ছেৱা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে নিৰ্দেশনা জাৰি কৰিব।ভেকিচিন নোলোৱা পৰীক্ষাৰ্থীৰ পৰীক্ষাত অৱৰ্তীন হ’ব পাৰিব নাই সেইয়া ১০দিনৰ আগত সিদ্ধান্ত লব বুলিও দিছপুৰৰ সংবাদ মেলত কয়।উল্লেখ্য যে কোভিড বাধা প্ৰত্যাহাৰ হলেও সভা-সমিতি, ছবিগৃহ, বিয়া আদি বিভিন্ন অনুষ্ঠানত দুয়োপালি ভেকিচিন লোৱা ব্যক্তিহে উপস্থিত থাকিব পাৰিব।কোভিডৰ বাধা প্ৰত্যাহাৰৰ পাছতেই সম্পূৰ্ন শিক্ষানুষ্ঠান মুকলি হব বুলিও কয়।
আনহাতে সংবাদমেলতে বহাগ বিহুৰ উদযাপনৰ নামত ব্যৱসায়ীসকলৰ পৰা চান্দা সংগ্ৰহ নকৰিবলৈ উদযাপন কমিটীসমূহক আহ্বান জনায়।১০বছৰীয়া পুৰণি পহিলা বহাগৰ পৰা ৭ বহাগত বিহু অনুষ্ঠিত কৰা বিহু সন্মিলনী সমূহক ৰাজ্য চৰকাৰে ১.৫০লাখ আৰ্থিক সাহায্য প্রদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।কোভিডত জুৰুলা হোৱা ক্ষুদ্ৰ ব্যৱসায়ীক চৰকাৰেও সহায় কৰিব পৰা নাই ।ব্যৱসায়ীক মৰমৰ দৃষ্টিৰে চাব লাগে।ব্যৱসায়ীসকলৰ গাত যাতে চান্দা ভাৰ নপৰে তাৰ বাবে আৰ্থিক সাহায্য চৰকাৰে প্ৰদান কৰিব বুলি শৰ্মাই লগতে কয়।ইফালে ৭ বহাগৰ পাছত অনুষ্ঠিত বিহু অনুষ্ঠানসমূহক আৰ্থিক সাহায্য প্ৰদান কৰা নহব বুলিও স্পষ্ট কৰি দিয়ে শৰ্মাই।
গুৰুত্বপূৰ্ণ কথা যে কোভিডৰ বাধা-নিষেধ আঁতৰিলেও আইন-শৃংখলাজনীত কাৰণত নিশা বিহু সময় নিৰ্ধাৰণ।নিৰ্ধাৰিত সময়ত সামৰণী পৰিব লাগিব বিহু অনুষ্ঠান- এই কথা সংবাদমেলত ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।জিলা উপায়ুক্ত আৰু আৰক্ষীৰ অধীক্ষকে নিৰ্ধাৰণ কৰি দিব নিৰ্দিষ্টসময়।













