![]()
নিউজ ডেস্কঃ
সৰু ল’ৰা-ছোৱালী ঘৰৰ পৰা ওলোৱাৰ পূৰ্বে কেঞা আঙুলিত কামুৰি দিয়ে মাক বা আইতাকে। কোনোৱে আকৌ থু পেলোৱাৰ ভংগীও কৰে। লতা মঙ্গেশকাৰক শেষকৃত্যত শ্রদ্ধা জনোৱাৰ সময়ত অভিনেতা শ্বাহৰুখ খানেও তেনে ধৰণৰ কিবা কৰিব বিচাৰিছিল নেকি? নেট মাধ্যমত শ্বাহৰুখৰ শ্রদ্ধা জ্ঞাপনৰ এটি ভিডিঅ’ চোৱাৰ পিছত সম্প্ৰতি এই প্রশ্নতেই উত্তাল দেশৰ একাংশ।
লতাৰ অন্তিম সংস্কাৰ সম্পন্ন হয় দেওবাৰে সন্ধিয়া। শ্বাহৰুখৰ শ্রদ্ধা জ্ঞাপনৰ মুহূর্তৰ উক্ত ভিডিঅ’ ভাইৰেল হৈ পৰে তাৰ কেইঘণ্টামানৰ ভিতৰতেই। ভিডিঅ’টোত দেখা গৈছে বলিউডৰ বাদশ্বাহে দুই হাত তুলি সঙ্গীতশিল্পীগৰাকীৰ বাবে ‘দোৱা’ বা প্রার্থনা কৰে। তাৰ পিছত মুখৰ পৰা মাস্কখন নমাই দুয়ো ওঁঠ সৰু কৰি এটি বিশেষ ভংগীমাও কৰে। শ্বাহৰুখৰ উক্ত মুখভংগীক লৈয়েই আৰম্ভ হৈছে বিতর্ক।
দেশৰ একাংশ যেতিয়া তেওঁৰ প্রথম ভংগীৰ প্রশংসাত পঞ্চমুখ, লগতে তেওঁৰ মেনেজাৰৰ কৰযোৰে প্রণাম আৰু তেওঁৰ দোৱাক ‘মিনি ইণ্ডিয়া’ বুলি গর্ববোধ কৰিছে, ঠিক তেতিয়াই আন এক শ্রেণীৰ লোকে প্রশ্ন তুলিছে, অভিনেতাজনৰ পিছৰ মুহূর্তৰ মুখভংগীক লৈ। তেওঁলোকে জানিব বিচাৰিছে, লতাৰ মৃতদেহৰ সন্মুখত থু পেলাইছে নেকি অভিনেতাজনে?
কিন্তু প্ৰকৃততে সেয়া নহয়৷ ইছলাম ধৰ্মৰ নীতি মতে, কোনোৱে কাৰোবাৰ বাবে দোৱা কৰিলে দোৱাৰ পিছত তেওঁলৈ ফু মাৰি দিয়াটো এটা নিয়ম৷ শ্বাহৰুখেও সেইটোকে কৰিছিল৷ কিন্তু তাকে লৈ এতিয়া এটা চামে ইয়াৰ বিপৰীত অৰ্থ উলিয়াবলৈ চেষ্টা কৰিছে৷ আৰম্ভ হৈছে ৰাজনীতিও৷











