![]()
নিউজ ডেস্কঃ
খৰাঙৰ কাৰণে ২৭ বছৰ পূৰ্বে গাঁও এৰিছিল। দুই একৰৰ নিজৰ ভূমিৰ খেতি খৰাঙৰ প্রকোপত নষ্ট হৈ গৈছিল। অগত্যা পেটৰ তাড়নাত পৰিয়াল লৈ গাঁও এৰিবলৈ বাধ্য হৈছিল ভীমাভা নামৰ মহিলাগৰাকী। কর্নাটকৰ বাগালকোট জিলাৰ কাটাগেৰিৰ পৰা কামৰ সন্ধানত গৈ উপস্থিত হৈছিল উদুপী জিলাৰ তালুৰুত। দিন ভিক্ষা, প্ৰাণ ৰক্ষা কৰি খোৱা উক্ত মহিলাগৰাকীয়েই এতিয়া তালুৰুৰ পঞ্চায়ত সভাপতি।
পৰিয়ালৰ সদস্যসকলৰ পেট পূৰণৰ বাবে তালুৰুলৈ আহি দিনমজুৰিৰ কাম কৰিছিল ভীমাভাই। তেওঁৰ সততাৰ বাবে তালুৰুৰ এজন বাসিন্দাই নিজৰ ফাৰ্মত কাম দিয়ে ভীমাভাক। তেতিয়াৰ পৰাই দিনমজুদুৰ হিচাবে কাম কৰি আহিছে তেওঁ।
সম্প্রতি পঞ্চায়ত সভাপতিৰ বাবে নির্বাচন হয় তালুৰুত। ফাৰ্মৰ মালিকজনে ভীমাভাকে উক্ত পদৰ বাবে আবেদন কৰাৰ পৰামর্শ দিয়ে। উক্ত পদটি সংৰক্ষিত আছিল অনুসূচিত জাতিৰ বাবে। আশ্চর্যজনকভাবে ১৬২টা ভোটত জয়লাভ কৰে তেওঁ।
পঞ্চায়ত সভাপতি হৈও কিন্তু নিজৰ শিপা পাহৰা নাই ভীমাভাই। তেওঁ এতিয়াও দিনমজদুৰ হিচাবেই কাম কৰে। অৱশ্যে পূর্ণ সময়ৰ বাবে নহয়। দিনৰ আধা সময় পঞ্চায়ত অফিচত নিজৰ কাম কৰে আৰু বাকী আধা সময় ফাৰ্মত কাম কৰে।













