![]()
নিউজ ডেস্কঃ
জনপ্রিয় টিভি ধাৰাবহিক ‘মহাভাৰত’ৰ ‘ভীম’ প্রবীণ কুমাৰ সৱতি (৭৫)ৰ মৃত্যু। সোমবাৰে নিশা ৯.৩০ বজাত দিল্লীৰ নিজ বাসগৃহতেই হৃদৰোগত আক্রান্ত হৈ মৃত্যু হয় তেওঁৰ।
বি আৰ চোপ্ৰাৰ জনপ্রিয় ধাৰাবাহিক ‘মহাভাৰত’ত ভীমৰ চৰিত্রত অভিনয় কৰিছিল প্রবীণ কুমাৰে। তেওঁ উক্ত চৰিত্রটোৰ কাৰণেই প্রবীণ কুমাৰ ‘ভীম’ নামেৰেই বেছি পৰিচিত আছিল। মহাভাৰতৰ উপৰি অমিতাভ বচ্চন অভিনীত ‘শাহেনশাহ’ আৰু ধর্মেন্দ্র অভিনীত ‘লোহা’ ছবিতো দর্শকসকলৰ দৃষ্টিত আকৰ্ষণ কৰিছিল তেওঁ।
‘আজ কা অর্জুন’, ‘আজুবা’, ‘ঘায়েল’ৰ দৰে বহু কেইখন ছবিতো অভিনয় কৰিছিল প্রবীণ কুমাৰে। ২০১৩ত দিল্লী বিধানসভা নির্বাচনত আম আদমি পার্টি (আপ)ৰ প্রার্থী হৈছিল তেওঁ।
অভিনেতা হিচাবে পেছাদাৰী জীৱন আৰম্ভ কৰিলেও প্রবীণ কুমাৰ আছিল এজন ভাল এথলিট।
ডিছকাছ আৰু হেমাৰ থ্র’ আছিল তেওঁৰ ইভেন্ট। এছিয়ান গেমছত চাৰিবাৰ সোণৰ পদক জয় কৰিছিল। ১৯৬৮ত মেক্সিকো আৰু ১৯৭২ত মিউনিখ অলিম্পিকত ভাৰতৰ হৈ প্রতিনিধিত্ব কৰিছিল তেওঁ। অর্জুন পুৰস্কাৰ বিজয়ী। সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ ডেপুটি কমাণ্ডেটো আছিল।













