![]()
নিউজ ডেস্কঃ
অস্ত্রোপচাৰ কৰি ৫৫ বছৰীয়া এগৰাকী মহিলাৰ স্তনৰ পৰা ১০.২৮ কিলোগ্রামৰ টিউমাৰ উলিয়ালে চিকিৎসকে।
তাকো আকৌ সাধাৰণ টিউমাৰ নহয়। এই টিউমাৰৰ নাম ‘ফিলোডছ টিউমাৰ’। আমেৰিকান কেঞ্চাৰ চেন্টাৰৰ মতে ফিলোডছ অতি বিৰল এটি টিউমাৰ।
দুমাহ পূৰ্বে বংগৰ বালিগঞ্জৰ বাসিন্দা মহিলাগৰাকী বাছৰ পৰা নমাৰ সময়ত এজনৰ সৈতে খুন্দা লাগে। ফলত তেওঁৰ সোঁ স্তনে আঘাত পায়। তাৰ পিছৰ পৰাই তেওঁ লক্ষ্য কৰে যে তেওঁৰ সোঁফালৰ স্তনত অলপ ফুলাৰ দৰে দেখা দিছে।
তাৰ পিছৰ পৰাই এই ফুলা অংশ ক্রমে ডাঙৰ হৈ থাকে। পৰীক্ষা কৰি দেখা যায় যে মহিলাগৰাকীৰ ৰক্তত শর্কৰাৰ মাত্রা কমি গৈ ৩০-৩৫ এমজি/ডিএলৰ মাজত আছে। চিকিৎসা বিজ্ঞানৰ ভাষাত যাক কোৱা হয় হাইছোগ্লাইচিমিয়া। তাৰ পিছত তেওঁৰ স্তনৰ ফুলা অংশ প্রায় কঁকাল পর্যন্ত নামি আহে। মহিলাগৰাকীৰ ক’ৰ বায়োপ্সি ৰিপোর্টত পৰিষ্কাৰ হয় যে তেওঁৰ স্তনত হৈছে টিউমাৰ।
ইয়াৰ পিছতেই তেওঁৰ পৰিয়ালৰ সদস্যসকলে কলকাতা মেডিকেল কলেজ হাস্পাতালৰ ব্ৰেষ্ট এণ্ড এন্ডোক্রিন ছার্জাৰী বিভাগৰ প্রধান চিকিৎসক ধৃতিমান মৈত্রৰ কাষ চাপে।
মহিলাগৰাকীক হস্পিটেলত ভর্তি কৰাই বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰা হয়। তাৰ পিছত অস্ত্রোপচাৰৰ সিদ্ধান্ত লয় চিকিৎসকে। দুঘণ্টাৰ প্ৰচেষ্টাত উলিয়াই অনা হয় বিশালাকাৰ টিউমাৰটো। অস্ত্রোপচাৰত ধৃতিমানক সহায় কৰে চিকিৎসক শতক্রতু বর্মন, চিকিৎসক অন্তৰীপ ভট্টাচার্য আৰু চিকিৎসক শুভ ৰায়ে।













