![]()
নিউজ ডেস্কঃ
নগাঁৱ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰা এনকাউণ্টাৰ ঘটনা তদন্তৰ প্ৰতিবেদন দাখিল।অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে দাখিল কৰিলে প্ৰতিবেদন।উল্লেখ্য যে নগাঁও এনকাউণ্টাৰ ঘটনা শুদ্ধ নাছিল।আৰক্ষীৰ ভুল আছিল এনকাউণ্টাৰত।চৰকাৰে গঠন কৰি দিয়া তদন্ত প্ৰতিবেদনত উন্মোচিত এই কথা।
ইফালে তদন্তৰ প্ৰতিবেদনৰ পাছতেই নগাঁৱৰ আৰক্ষীৰ অধীক্ষক আনন্দ মিশ্ৰই গঠন কৰা এন্টি নাৰকটিক স্কোৱাড ভংগ নির্দেশ।লগতে অধীক্ষক মিশ্ৰ আৰু প্ৰদীপ বণিয়া বাহিৰে স্কোৱাডৰ সকলো সদস্যক অন্য জিলালৈ বদলি নিৰ্দেশ।গুৰুত্বপূৰ্ণ কথা এনকাউণ্টাৰত মূল অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক নিলম্বনৰ নির্দেশ।
তাপৰ্যপূৰ্ণ ৰোগীয়া মাতৃ ঔষধ আনিবলৈ যাওঁতেই সু- ভৰিত গুলিবিদ্ধ হৈছিল কীৰ্তি কমল বৰা।বৰ্তমানো গুৱাহাটী মেডিকেল কলেজ হাস্পতালতে ভৰ্তি হৈ আছে গুলিবিদ্ধ ছাত্ৰ নেতা গৰাকী।
গুৰুত্বপূৰ্ণ কথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এসপ্তাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰা নিৰ্দেশ দিছিল পৱন বৰঠাকুৰ কমিটীক।কিন্তু ১৭দিন উকলি যোৱাৰ পাছতো প্ৰতিবেদন ৰাজহুৱা নকৰাত মঙলবাৰে দিনৰ ভাগত বিধায়ক অখিল গগৈয়ে শিৱসাগৰত সংবাদমেল যোগে ঘটনাৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী জনাইছিল।বিধায়ক গগৈৰ সংবাদমেলৰ পাছতে ৰাজ্য চৰকাৰে ঘটনাৰ চৰকাৰী তদন্ত ৰাজহুৱা কৰিবলৈ বাধ্য হল।













