![]()
নিউজ ডেস্কঃ
কর্নাটকৰ মাণ্ডিয়া প্রি-ইউনিভাৰ্ছিটি কলেজৰ এগৰাকী ছাত্ৰীৰ এটি ভিডিঅ’ মঙলবাৰে নেট মাধ্যমত ভাইৰেল হৈছে। হিজাব পৰিহিত এগৰাকী ছাত্ৰীক আগুৰি ধৰি গেৰুৱা বস্ত্ৰ লোৱা এদল যুৱকে ‘জয় শ্রীৰাম’ ধ্বনি দিছে। কিন্তু ছাত্ৰীগৰাকীয়েও ভয় নাখাই ওলোটাই ‘আল্লা হু আকবৰ’ শ্লোগান দিছে। জানিব পৰা মতে ছাত্রীগৰাকীৰ নাম মুস্কান।
উল্লেখ্য, কৰ্ণাটকৰ হিজাব বিতর্কই ইতিমধ্যে মধ্যপ্রদেশ আৰু পুডুচেৰীকো চুইছেগৈ। অধিক ক্ষোভৰ উদ্গীৰণ হৈছে সমগ্ৰ কর্নাটকজুৰি। ৰাজ্যখনত শান্তি-শৃংখলা বজায় ৰখাৰ আহ্বান জনাইছে কর্নাটক হাইকোর্টে। হিজাব পিন্ধিব নিদিয়াৰ প্রতিবাদ জনাই হাইকোর্টত এটি গোচৰো ৰুজু কৰিছে মুছলিম শিক্ষাৰ্থীসকলে। আদালতৰ ওচৰত তেওঁলোকৰ আবেদন, হিজাব পৰিধানক মৌলিক অধিকাৰ হিচাবে ঘোষণা কৰক।
দক্ষিণৰ ৰাজ্যখনৰ বিভিন্ন প্রান্তত বিক্ষোভ বিয়পি পৰিছে। পৰিস্থিতিৰ যাতে অধিক অৱনতি নহয় তাৰ বাবে দেবাঙ্গিৰি, শিমোগা, বাগালকোটৰ দৰে উত্তেজনাপ্রবণ এলেকাবোৰত ১৪৪ ধাৰা জাৰি কৰা হৈছে। তিনি দিনৰ বাবে সকলো স্কুল, কলেজ বন্ধৰ নির্দেশ দিছে মুখ্যমন্ত্রী বাসৱৰাজ বোম্মাই।
আনহাতে, স্কুল-কলেজত হিজাব নিষিদ্ধ কৰাৰ পক্ষত সঁহাৰি দিছে মধ্যপ্রদেশৰ শিক্ষামন্ত্রীয়েও। তেওঁৰ মতে, হিজাব স্কুল ইউনিফর্মৰ অঙ্গ নহয়। সেয়ে স্কুললৈ ইয়াক পিন্ধি অহাটো নিষিদ্ধ হোৱা উচিত।
পুডুচেৰীতো উঠিছে এই সম্পৰ্কীয় অঅভিযোগ। ৰাজ্যখনৰ এজন শিক্ষকৰ বিৰুদ্ধে হিজাব পৰিহিতাসকলক পাঠ গ্ৰহণ কৰিব নিদিয়াৰ অভিযোগ উঠিছে। আনহাতে, মঙলবাৰৰ ঘটনা সম্বন্ধে নিজৰ অভিজ্ঞতা জনাইছে মুস্কানে। কোন সাহসত ইমান মানুহে আগুৰি ধৰা সত্ত্বেও আঁতৰি ন’গৈ ওলোটাই শ্লোগান দিছিল জনাইছে সেই ৰহস্যও।
সংবাদ সংস্থাৰ আগত মুস্কানে কয়, ‘‘মই যেতিয়া কলেজত সোমাইছিলো, তেতিয়া বাধা দিয়া হয়। সোধা হয়, মই কিয় বোৰ্খা পিন্ধি আহিছো? কিন্তু মোৰ এইবোৰক লৈ অকণো চিন্তা নাই।’’ উক্ত দিনৰ ঘটনাৰ বর্ণনা দিবলৈ গৈ মুস্কানে দাবী কৰে, ‘‘মোক দেখিয়েই ‘জয় শ্রীৰাম’ শ্লোগান দিয়া আৰম্ভ হয়। ময়ো ওলোটাই ‘আল্লা হু আকবৰ’ শ্লোগান দিওঁ।’’ তেওঁৰ দাবী, উপস্থিত গেৰুৱা গামোচা পৰিহিতসকলৰ ককেইজনমানক তেওঁ চিনি পাইছে। কাৰণ তেওঁলোকো মুস্কানৰ সহপাঠী। অৱশ্যে বেছিভাগেই বহিৰাগত। তেওঁ কয়, ‘‘তেওঁলোকে আমাৰ পঢ়া-শুনা কৰাৰ অধিকাৰেই কাঢ়ি নিব বিচাৰিছে এটুকুৰা কাপোৰৰ বাবে!’’













