![]()
নিউজ ডেস্কঃ
নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰা এনকাউণ্টা ঘটনাৰ আৰক্ষীৰ ভুল বুলি অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ প্ৰতিবেদনত উন্মোচিত পাছতেই পুনৰ মুখ খুলিছে জিলাখনৰ আৰক্ষীৰ অধীক্ষক আনন্দ মিশ্ৰই।উল্লেখ্য যে তদন্তৰ প্ৰতিবেদন মানি ললেও চিআইডি তদন্তত প্রকৃত সত্য উদঘাটন হব বুলি মিশ্ৰই কয়।
গুলি কৰি দিয়াটো ভুল হৈছিল।গুলিয়াবলৈ অনুমতি কোনে দিছিল মইয়ো প্ৰশ্ন কৰিছো।ঘটনাস্থলীত কি পৰিস্থিতি আছিল তাতটো মই নাছিলো।মোক যিধৰণে কৈছে তাকে জানো।তদন্তৰ প্ৰতিবেদন সম্পূৰ্ন মানিছোঁ- অধীক্ষক গৰাকীয়ে কয়। ইফালে ড্ৰাগছ বিৰোধী অভিযান আমি ভুল কৰা নাই।জাকিৰ হুছেইন নামৰ এজন ড্ৰাগছত অভিযুক্ত সৈতে কি কাৰণত আছিল কীৰ্তি কমল বৰা বা তেওঁক কিয় বচাব গৈছিল সেইয়াও প্ৰশ্ন- মিশ্ৰই কয়।
আনহাতে গৃহ বিভাগে ভংগ তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত ভংগ কৰা এন্টি নাৰকটিক স্কোৱাড পুনৰ গঠন নকৰে বুলিও অধীক্ষক গৰাকীয়ে সাংবাদিকৰ প্ৰশ্ন উত্তৰত কয়।













