![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলং আৰু পশ্চিম কাৰবি আংলং জিলাৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি সাৱলী কৰণেৰে চিকিৎসা সেৱাৰ মান উন্নীতকৰণ আৰু স্বাস্থ্যখণ্ড সন্দৰ্ভত গুৱাহাটীত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সৈতে মঙলবাৰে দুয়োখন জিলাৰ এনএইছএমৰ সঁজাতি দলেৰে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায় ৷ কাৰবি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ চিকিৎসা বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপি সমন্বিতে দুয়োখন পাৰ্বত্য জিলাৰ স্বাস্থ্য বিভাগৰ গুৰুত্বপূৰ্ণ আলোচনাখনত জিলাৰ চিকিৎসাৰ আন্তঃগাঁথনি উন্নীত কৰণত স্বাস্থ্য বিভাগৰ পূৰ্ণ সহযোগীতা প্ৰদানৰ আশ্বাস প্ৰদান কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ৷

গুৱাহাটীস্থিত এনএইচএমৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্ৰাক্তন সচিব অনুৰাগ গোৱেল, এনএইচএমৰ সঞ্চালক ডাঃ এছ লক্ষ্মনন, অসম ৰাজ্যিক চিকিৎসা সেৱা লিমিটেডৰ অধ্যক্ষ ডাঃ ৰবিন কুমাৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য সেৱা সঞ্চালক ডাঃ লাল সিঙ, অতিৰিক্ত স্বাস্থ্য সেৱা সঞ্চালক।

কাৰবি আংলং আৰু পশ্চিম কাৰবি আংলং জিলাৰ যুটীয়া সঞ্চালকদ্বয় ক্ৰমে, কাৰেং ৰংপিপী, নকুল শ্যাম লগতে দুয়োখন জিলাৰ ডিপিএম ক্ৰমে,অমৰজিত তিচ’, হিলটম শইকীয়া, ডিএএম সকল আৰু এনএইচএমৰ নিৰ্মাণ শাখাৰ জ্যেষ্ঠ বিষয়া অভিযন্তাসকল উপস্থিত থাকে ৷













