![]()
নিউজ ডেস্কঃ
হিজাব বিতর্কক কেন্দ্ৰ কৰি অশান্তি ৰুধিবলৈ এইবাৰ বেঙ্গালুৰুৰ সকলো স্কুল-কলেজৰ ওচৰত ১৪৪ ধাৰা জাৰি কৰিলে কর্নাটক চৰকাৰে। অহা ২২ ফেব্রুৱাৰী পর্যন্ত ই বলবৎ থাকিব বুলি বুধবাৰে জাৰি কৰা চৰকাৰী নির্দেশনাত জনোৱা হৈছে।
উল্লেখযোগ্য যে অশান্তি ৰুধিবলৈ কর্নাটকৰ বিজেপি মুখ্যমন্ত্রী বাসবৰাজ বোম্মাইৰ চৰকাৰে মঙ্গলবাৰৰ পৰা তিনি দিনলৈ ৰাজ্যৰ সকলো শিক্ষা প্রতিষ্ঠান বন্ধ ৰখাৰ নির্দেশ দিছে। শুক্রবাৰে স্কুল-কলেজ খোলাৰ পিছত ৰাজ্যৰ ৰাজধানীত নতুন নিয়ম কার্যকৰী হ’ব।
বেঙ্গালুৰুৰ আৰক্ষী অধীক্ষক কমল প্ৰান্তে বুধবাৰে ১৪৪ ধাৰা ঘোষণা কৰি কয়, ‘‘চহৰখনত উত্তেজনা আছে। নতুনকৈ প্রতিবাদ-বিক্ষোভ হোৱাৰ সম্ভাৱনাও নাকচ কৰিব নোৱাৰি। সেয়ে শান্তি-শৃঙ্খলা বজায় ৰখাৰ বাবে যথাযথ নিৰাপত্তাৰ ব্যৱস্থা কৰাটো অপৰিহার্য। এই পৰিস্থিতিত সতর্কতামূলক পদক্ষেপ হিচাবে স্কুল-কলেজৰ আশেপাশে ফৌজদাৰী দণ্ডবিধি অনুযায়ী ১৪৪ ধাৰা জাৰি কৰা হৈছে।’’ শিক্ষা প্রতিষ্ঠানবোৰৰ ২০০ মিটাৰ ব্যাসার্ধৰ ভিতৰত কোনো ধৰণৰ সমাবেশ বা বিক্ষোভ প্রদর্শন কৰিব নোৱাৰিব।













