![]()
নিউজ ডেস্কঃ
তিনি বিতর্কিত কৃষি আইন প্রত্যাহাৰৰ দাবীত উত্তৰ প্রদেশৰ লখিমপুৰৰ খেৰিত কৃষক বিক্ষোভত গাড়ীৰ চকাত পিষ্ট হৈ চাৰি কৃষক আৰু এজন সাংবাদিকৰ মৃত্যুৰ অভিযোগ উঠিছিল কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী অজয় মিশ্রৰ পুত্ৰ আশিসৰ বিৰুদ্ধে। উত্তৰ প্রদেশত প্রথম পৰ্যায়ৰ নিৰ্বাচন আৰম্ভৰ আগদিনা সন্ধিয়া এই প্রসঙ্গত মুখ খুলিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। তেওঁ কয়, যোগী আদিত্যনাথৰ চৰকাৰে এই ক্ষেত্ৰত স্বচ্ছভাবে তদন্ত কৰিছে।
উল্লেখ্য, কৃষি আইন প্রত্যাহাৰৰ দাবীত যোৱা বছৰৰ ৩ অক্টোবৰত লখিমপুৰৰ খেৰিত কৃষক বিক্ষোভ চলি থাকোতে দ্রুতগতিৰ গা়ড়ীৰে সমাবেশত প্ৰৱেশ কৰাৰ অভিযোগ উঠে কেন্দ্রীয় গৃহ ৰজ্যমন্ত্রী অজয় মিশ্রৰ পুত্ৰ আশিস মিশ্ৰৰ বিৰুদ্ধে। গাড়ীৰ চকাত পিষ্ট হৈ মৃত্যু হয় চাৰি কৃষক আৰু এজন সাংবাদিকৰ। অক্টোবৰতেই গ্রেপ্তাৰ হয় আশিস। এতিয়াও তেওঁ জে’লতে আছে। বিৰোধীৰ দাবী সত্ত্বেও তেওঁৰ পিতৃ অজয় এতিয়াও গৃহ ৰাজ্যমন্ত্রীৰ পদতে আছে। এই প্রসঙ্গত প্রথমবাৰ মুখ খুলিলে প্রধানমন্ত্রীয়ে। উত্তৰ প্রদেশত প্রথম পৰ্যায়ৰ নিৰ্বাচন আৰম্ভৰ পূৰ্ব সন্ধ্যা সংবাদ সংস্থা এএনআইক দিয়া সাক্ষাৎকাৰত তেওঁ কয়, ‘‘ছুপ্রিম কোর্টে যেনেদৰে বিচাৰিছিল, ৰাজ্য চৰকাৰে তেনেদৰেই তদন্ত কমিটি গঠন কৰি কাম আৰম্ভ কৰি দিছে। যিগৰাকী ন্যায়াধীশক কমিটিৰ মূল হিচাবে বিচাৰিছিল শীর্ষ আদালতে, তেওঁকেই ৰখা হৈছে। ৰাজ্য চৰকাৰে স্বচ্ছভাবে তদন্তৰ কাম কৰিছে।’’
তেওঁ লগতে কয়, তদন্ত সঠিক পথতে আগবাঢ়িছে। অৱশ্যে অভিযোগ উঠা সত্ত্বেও কিয় এতিয়াও আশিসৰ পিতৃ কেন্দ্রীয় মন্ত্রীসভাত আছে, তাৰ স্পষ্ট উত্তৰ নিদিলে মোদীয়ে।













