![]()
নিউজ ডেস্কঃ
দেওবাৰে ৯২ বছৰ বয়সত প্রয়াণ ঘটে কিংবদন্তী গায়িকা লতা মঙ্গেশকাৰৰ। মুম্বাইৰ শিৱাজী পার্কত ৰাষ্ট্রীয় সম্মানেৰে অন্তিম বিদায় জনোৱা হয় দেশৰ কোকিলকন্ঠীক। তেওঁৰ মৃত্যুতে শোকস্তব্ধ সমগ্ৰ দেশ। নিজৰ কণ্ঠৰ যাদুৰে শ্রোতাসকলে মুগ্ধ হ’লেও লতাজিৰ প্রিয় গায়ক আছিল কিশোৰ কুমাৰ। কিশোৰ–লতা যুটিৰ অজস্র গান আজিও চিৰস্মৰণীয় সকলাৰে বাবে।
‘তেৰে মেৰে মিলন কি ইয়ে ৰেয়না’, ‘ভিগি ভিগি ৰাতো মে’, ‘নয়নো কি স্বপ্না’ ‘দিল কি বাতে’সহ অসংখ্য জনপ্রিয় গানত কণ্ঠ নিগৰাইছে কিশোৰ কুমাৰ আৰু লতা মঙ্গেশকাৰে। ১৯৪৮ চনৰ ‘জিদ্দি’ ছবিৰ ‘ইয়ে খুন আয়া ৰে’ গানটিতেই প্রথম যুটি বান্ধে কিশোৰ কুমাৰ আৰু লতা মঙ্গেশকাৰে। দুয়োৰে দ্বৈতকণ্ঠৰ গানৰ সংখ্যা প্রায় অর্ধশতক। কিশোৰ কুমাৰ আছিল লতা মঙ্গেশকাৰৰ অতি প্রিয় এজন ব্যক্তি। কিশোৰ কুমাৰৰ উদ্ভট স্বভাৱে লতাক সকলো সময়তেই হাঁহিৰ খোৰাক দিছিল। সেয়ে কিশোৰ কুমাৰক পছন্দ কৰিছিল লতা মঙ্গেশকাৰে।
নিজৰ আত্মজীৱনীত লতাই লিখিছিল, ‘মই তেতিয়া খেদচন্দ প্রকাশৰ সৈতে কাম কৰিছো। তেতিয়া গ্রান্ট ৰোডৰ পৰা মালাড পর্যন্ত ৰে’লত যাতায়াত কৰিছিলো। তাৰ পৰা ৰেকর্ডিং ষ্টুডিওলৈ খোজকাঢ়ি বা টাংগাত উঠি গৈছিলো। এদিন ৰেকর্ডিং আছিল। মহালক্ষ্মী ষ্টেচনত এজন যুৱক আমাৰ দবাতে উঠে। কুর্তা-পাইজামাৰ লগত ডিঙিত স্কার্ফ লৈ তেওঁ বহিছিল। অদ্ভূত ভঙ্গী দেখি মই কিছু ভয় খাইছিলো। পিছত দেখিলো তেওঁ টাংগাত উঠি মোৰ পিছে পিছে আহি আছে। তেতিয়া ভীষণ ভয় খাইছিলো। কোবাকোবিকৈ ৰেকর্ডিং ষ্টুডিওত সোমাইছিলো। কিন্তু যুৱকজনো ষ্টুডিওত সোমায়। তাত খেমচন্দজি বহি আছিল। তেওঁক দেখি ক’লো, আঙ্কল এই মানুহজনে মোক অনুসৰণ কৰিছে।
খেমচন্দজিয়ে তেতিয়া হাঁহি মাৰি কয়, আৰে এওঁতো কিশোৰ। অশোক কুমাৰৰ ভাতৃ। আজি তোমাৰ সৈতে দ্বৈত গাব। মানুহক হঁহুওৱা আৰু ৰসিকতা কৰাৰ স্বভাৱ কিশোৰদাৰ চিৰকালীন। উল্লেখ্য, জিদ্দি ছবিৰ গান ‘ইয়ে কৌন আয়া কৰকে সোলহা সিঙ্গাৰ’ আমাৰ প্রথম দ্বৈত গান। প্লেবেক ছিঙ্গাৰ হিচাবে কিশোৰদাৰো প্রথম ছবি আছিল জিদ্দি।’ কিশোৰ কুমাৰক লতা মঙ্গেশকাৰে ৰাখিও পিন্ধাইছিল। কিশোৰ কুমাৰৰ গান শুনি মুগ্ধ হৈছিল লতা। লতাই এক সাক্ষাৎকাৰত জনাইছিল যে কিশোৰদাই কোনোদিনে গানৰ প্রশিক্ষণ লোলৱা নাছিল, কিন্তু তেওঁৰ গান শুনি কোনোৱে এই কথা ক’ব নোৱাৰে। এক কথাত লতা আছিল কিশোৰ কুমাৰৰ গানৰ গুণমুগ্ধ।













