![]()
নিউজ ডেস্কঃ
দেশত কমিল কৰোনা আক্রান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত দেশত কৰোনাত আক্রান্ত হৈছে ৬৭ হাজাৰ ৮৪ জন। বুধবাৰে এই সংখ্যা আছিল ৭১ হাজাৰ ৩৬৫। সামান্য কমিছে দৈনিক সংক্রমণ হাৰো। বিগত ২৪ ঘণ্টাত দেশে দৈনিক সংক্রমণৰ হাৰ ৪.৪ শতাংশ। অৱশ্যে এতিয়াও দৈনিক মৃত্যুৰ সংখ্যা হাজাৰৰ ওপৰতে আছে। সৰ্বাধিক মৃত্যু কেৰালাত।
কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ দৈনিক কৰোনা ৰিপোৰ্ট অনুযায়ী, বিগত ২৪ ঘণ্টাত কৰোনাৰ পৰা সুস্থ হৈছে ১ লক্ষ ৬৭ হাজাৰ ৮৮২ জন। বৰ্তমান দেশত মুঠ সুস্থৰ সংখ্যা হৈছে ৪ কোটি ১১ লক্ষ ৮০ হাজাৰ ৭৫১। বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ১ হাজাৰ ২৪১ জনৰ। তাৰে ভিতৰত কেৱল কেৰালাতেই মৃত্যু হৈছে ৮৫৪ জনৰ।













