![]()
নিউজ ডেস্কঃ
নগাঁৱক ধন্যবাদ জনাই গুৱাহাটীৰ অভিমুখে ৰাওনা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ।গুৱাহাটীৰ উলুবাৰী আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ে তলব কৰিছে মিশ্ৰক।উল্লেখ্য যে কীৰ্তি কমল বৰা এনকাউণ্টাৰ প্ৰসংগত ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিবৰ তদন্তৰ প্ৰতিবেদন সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি ৰাজ্য চৰকাৰৰ ৰোষত আৰক্ষী বিষয়া গৰাকী।
মুখ্যমন্ত্ৰী নির্দেশ মৰ্মে নগাঁও জিলা আৰক্ষী অধীক্ষক পদ পৰা অপসাৰণ কৰা আইপিএছ বিষয়া গৰাকীক হাজিৰ হবলৈ নিৰ্দেশ দিয়া হৈছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত।আজি নগাঁও এৰি অহা সময়ত আৰক্ষী বিষয়া গৰাকীয়ে কয়- “ধন্যবাদ সকলো ভালকৈ থাকিব।মই মিছ কৰিম সকলোকে”।
গুৰুত্বপূৰ্ণ মিশ্ৰ আজি হাজিৰ হব ডিজিপি কাৰ্যালয়ত।













