![]()
নিউজ ডেস্কঃ
“কীৰ্তি কমল বৰাৰ ঘটনাৰে তেওঁ জড়িত নহয় আৰু তদন্তৰ কমিটি প্ৰতিবেদনটো নাম উল্লেখ নাই কিন্তু কমিটী প্ৰতিবেদন হেও কৰিব খুজিলে ভাল নালাগে”- নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক বদলি প্ৰসংগত এই মন্তৱ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।
আৰক্ষী নিৰীহ লোকৰ লগত থাকিব লাগিব।অপৰাধী বিৰুদ্ধে কঠোৰ হব লাগিব।অপৰাধী বিৰুদ্ধে কঠোৰ হওঁতে সাধাৰণ নাগৰিকৰ বাবেও কঠোৰ হলে উদ্দেশ্যটোৱে বিপথে যাব বুলি শৰ্মাই লগতে কয়।
উল্লেখ্য যে বৰঠাকুৰ প্ৰতিবেদনক সংবাদমেল পাতি আই পি এছ বিষয়া গৰাকীয়ে প্ৰত্যাহ্বান জনাইছিল।তাৰ পাছতে মুখ্যমন্ত্ৰী নিৰ্দেশ মৰ্মে তাৎক্ষণিক ভাৱে অধীক্ষক মিশ্ৰক অপসাৰণ কৰি জৰুৰীভাৱে তলব কৰা হয় আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়লৈ।
সাধাৰণ নাগৰিকে আৰক্ষীক বেয়া পালে মোৰ কষ্টটো অৰ্থহীন হব বুলি উল্লেখ্য কৰি আৰক্ষীক পুনৰ হকীয়াই মুখ্যমন্ত্ৰী শৰ্মাই কয়- নিৰীহ লোকক একেবাৰেই একো নকৰিব।লাগিলে কোনোবাই গালি পাৰিলেও দুটা গালি শুনিব তাৰ পৰা একো নাযায়, ইউনিফৰ্মত দাগ নালাগে ।কিন্তু অপৰাধী বিৰুদ্ধে ইমানেই কঠোৰ হওক সাধাৰণ জনতাই নিৰাপদ অনুভৱ যাতে কৰে।













