ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বংশ পৰম্পৰাই অসমৰ সামাজ সংস্কৃতিলৈ বোৱাই আনিছিল এক অনন্য উত্তৰণৰ ঢৌ। এনে নৱজাগৰণ গঢ়ি তুলি অসমৰ জাতীয় জীৱনলৈ সেৱা আগবঢ়োৱা উত্তৰ ভাৰতীয় মূলৰ অসমীয়া সকলৰ ভিতৰত বোকাখাতৰ ৰাজেন্দ্ৰ নিমোদিয়াৰ উদাহৰণ অন্যতম। নিজ প্ৰচেষ্টাৰে অসমীয়া থলুৱা গামোচাক পুনৰুদ্ধাৰ কৰি বিশ্ব দৰবাৰলৈ আগবঢ়াই দিয়াৰ অনন্য প্ৰচেষ্টাৰে এইগৰাকী সমাজকৰ্মীয়ে সম্প্ৰতি বোকাখাতৰ লগতে সমগ্ৰ অসমৰ বাবে এক বিৰল চানেকি দাঙি ধৰিছে। অক্লান্ত সমাজকৰ্মী গৰাকীলৈ এধানি সঁহাৰি আগবঢ়োৱাৰ মানসেৰে বোকাখাতত কাজিৰঙা নিউজ নেটৱৰ্কে ল’লে শলাগনীয় পদক্ষেপ।
এই উদ্দেশ্যে যোৱা ২৯ ছেপ্টেম্বৰত বোকাখাতৰ সত্যনাৰায়ণ মন্দিৰ সেৱা সদনত কাজিৰঙা নিউজ নেটৱৰ্কৰ উদ্যোগত প্ৰকাশ কৰি উলিওৱা বোকাখাতৰ বিশিষ্ট সমাজকৰ্মী ৰাজেন্দ্ৰ নিমোদিয়াৰ অভিনন্দন গ্ৰন্থ ‘কৰ্মপ্ৰাণ’ৰ উন্মোচনী আৰু ৰাজহুৱা সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে ৰাজেন্দ্ৰ নিমোদিয়াৰ মাতৃ তাৰামনি নিমোদিয়াই।

শিল্পীদ্বয় ক্ৰমে দিব্যজোতি হাজৰিকা আৰু ৰূপা হাজৰিকাৰ বাদ্যসংগতত কনমানি শিল্পী বৰ্ষাগ্নি ডেকাৰ বৰগীত পৰিৱেশনেৰে অনুষ্ঠানৰ আৰম্ভণি হয়। কাজিৰঙা নিউজ নেটৱৰ্কৰ সম্পাদক প্ৰদ্যুত মহন্ত আৰু সাংবাদিক মহেশ আগৰৱালাই আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণি ভাষণ প্ৰদান কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় ক্ৰমে বিশিষ্ট লেখক তথা জ্যেষ্ঠ সাংবাদিক ভৱেশ শইকীয়া, বিশিষ্ট লেখিকা তথা বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষা বিভাগৰ মূৰব্বী অধ্যাপিকা অন্নদা শইকীয়া, বোকাখাতৰ প্ৰাক্তন বিধায়ক অৰুণ ফুকন, বোকাখাত নাট্য মন্দিৰৰ সভাপতি গোলাপ কলিতা, প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, জ্যেষ্ঠ সাংবাদিক বুবুল দত্ত আদিয়ে।
সভাতে বিশিষ্ট লেখক, গৱেষক তথা অসম সাহিত্য সভাৰ জ্যেষ্ঠ আজীৱন সদস্য ড° শ্যাম ভদ্ৰ মেধিয়ে সম্বৰ্দ্ধিত ব্যক্তি গৰাকীৰ জীৱন, কৰ্ম আৰু আদৰ্শৰ ভিত্তিত কাজিৰঙা নিউজ নেটৱৰ্কৰদ্বাৰা অসমীয়া, ইংৰাজী আৰু হিন্দী তিনিওটা ভাষাতে প্ৰকাশিত আৰু ক্ৰমে প্ৰদীপ হাজৰিকা, ধনঞ্জয় মিশ্ৰ, মহেশ আগৰৱালা আৰু ড° বাবুলাল ম’ৰ সম্পাদিত গ্ৰন্থ ‘কৰ্মপ্ৰাণ’ উন্মোচন কৰে। অনুষ্ঠানত বাবা ৰামদেৱ সেৱা সমিতি, মাৰোৱাৰী যুৱ মঞ্চ, হনুমান জয়ন্তী মহোৎসৱ পালন সমিতি, নিমোদিয়া পৰিয়াল, শ্ৰীমন্ত শংকৰদেৱ সংঘ, বোকাখাত পুৱতি সাহিত্য সভা, বোকাখাত মহকুমা কবি সন্মিলন, গোলাঘাট জিলা সাহিত্য সভা, ৰয়েল আৰ্ট, অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন, নুমলীগড় সাংবাদিক সন্থা, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতি, মহাবীৰ প্ৰসাদ আগৰৱালা পৰিয়াল, বোকাখাত নাট্যমন্দিৰ সমিতি আদিৰ লগতে বহুসংখ্যক ব্যক্তি প্ৰতিষ্ঠানে ৰাজেন্দ্ৰ নিমোদিয়ালৈ সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

সভাত বোকাখাত পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কল্পনা চেতিয়া, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন প্ৰধান সম্পাদিকা সুৱৰ্ণ শইকীয়া বৰদলৈ, অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ কেন্দ্ৰীয় উপসভাপতি ধনীৰাম কুৰ্মী, অসম চৰকাৰৰ কৃতি শিক্ষক বঁটা প্ৰাপ্ত প্ৰধান শিক্ষক মহেন শইকীয়া, বিশিষ্ট লেখিকা কবি নিজৰা বৰঠাকুৰ, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সভাপতি পুতলী খাউণ্ড, ৰাজেন্দ্ৰ নিমোদিয়াৰ পত্নী সমাজকৰ্মী বিমলা নিমোদিয়া, ভাতৃ চন্দ্ৰ নিমোদিয়া, বোৱাৰী স্বেতা নিমোদিয়া, কনিষ্ঠ পুত্ৰ তৰুণ নিমোদিয়া, দুই জীয়ৰী ক্ৰমে খুছি আৰু তৃপ্তি নিমোদিয়া, ভগ্নী লীলাৱতী গড়োৰীয়া, বোকাখাত জিলা মইনা পাৰিজাতৰ সভাপতি মনোৰঞ্জন সেন, ইমজা বোকাখাতৰ সভাপতি প্ৰদীপ কুমাৰ বৰা, বাবা ৰামদেৱ উপসমিতিৰ বোকাখাতৰ সম্পাদক অৰুণ চৌধুৰী, বোকাখাত জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ সভাপতি চৈয়দ আনিছুৰ ৰহমান, বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতা, কবি-সাংবাদিক অজন্তা তালুকদাৰ, কবি মনালিছা শইকীয়া আৰু মৃদুস্মিতা শৰ্মা, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পলিমা চেতিয়া বসুমতাৰী, কবি নাট্যকাৰ অমৰ শৰ্মা, সাংবাদিক সকল ক্ৰমে প্ৰদীপ হাজৰিকা, সুদীপ্ত তামুলী, দিব্যজোতি হাজৰিকা, ৰোমান বৰুৱা, ৰত্নেশ্বৰ মৰাঙকে আদি কৰি কাজিৰঙা নিউজ নেটৱৰ্কৰ বিষয়ববীয়া আৰু সদস্য সকল, বোকাখাতৰ মাৰোৱাৰী সমাজৰ গৰিষ্ঠ সংখ্যক লোক, ভালেসংখ্যক স্থানীয় গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
সভাত নিজকে অসমীয়া মাৰোৱাৰী বুলি গৌৰৱ কৰি সম্বৰ্দ্ধিত ব্যক্তি ৰাজেন্দ্ৰ নিমোদিয়াই বোকাখাতৰ সমাজ জীৱনৰ লগত নিজকে জড়িত কৰি আত্মিক সুখ আৰু শান্তি লাভ কৰাৰ কথা ব্যক্ত কৰাৰ উপৰিও জীৱনৰ বহু অভিজ্ঞতা ৰাজহুৱা কৰে। সমজুৱাৰ হৈ একাষাৰ বক্তব্য ৰাখে জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই কাজিৰঙা নিউজ নেটৱৰ্কৰ সম্পাদক প্ৰদ্যুৎ মহন্তই।
ঢোল, খোল, ডবা, শংখ, নেগেৰা, বাঁহী, পেঁপাকে ধৰি অসমৰ থলুৱা বাদ্যযন্ত্ৰৰদ্বাৰা পৰিৱেশিত থলুৱা অসমীয়া গীত মাতৰ সুৰ সমলয়ে অনুষ্ঠানটিক অনন্য মাত্ৰা প্ৰদান কৰিলে। লগতে অসমীয়া শিপিনীৰ চানেকিৰ আৰ্হিৰে প্ৰস্তুত কৰা উত্তৰ ভাৰতীয় মূলৰ মহিলা সকলে দল বান্ধি অনুষ্ঠানত পৰিধান কৰা মুগা আৰ্হিৰ শাৰীৰ মনোৰম দৃশ্যই উপস্থিত অতিথি সকলৰ দৃষ্টি কাঢ়িলে। সামগ্ৰিকভাৱে সংস্কৃতিৰ মিলনভূমি স্বৰূপ এই অনুষ্ঠানে সমৃদ্ধিশালী অসমীয়া সমাজ আৰু জাতি গঠনত অসমীয়া-মাৰোৱাৰীৰ সম্প্ৰীতিক এক নতুন দিশ প্ৰদান কৰিলে বুলি বোকাখাতৰ ৰাইজে শলাগ লৈছে।












