![]()
নিউজ ডেস্কঃ
ঘৰভাৰা দিয়া নাই কংগ্রেছ নেতাসকলে! তাৰ ভিতৰত আছে দলটোৰ অন্তৰ্ৱর্তীকালীন সভাপতি ছোনিয়া গান্ধীও। এক আৰটিআইত পোহৰলৈ আহিল এই তথ্য। অৱশ্যে সমগ্ৰ বিষয়টো পোহৰলৈ আনিছে বিজেপিৰ আইটি কোষৰ প্রধান অমিত মালব্যই। এক টুইট কৰি আৰটিআইৰ কথা জনোৱাৰ লগতে ছোনিয়াক কটাক্ষ কৰিছে তেওঁ।
এই সম্পৰ্কীয় এক তথ্য পোষ্ট কৰি মালব্যই লিখিছে, প্ৰব্ৰজিত শ্রমিকসকলক টিকটৰ টকা নিদিয়াক লৈ ডাঙৰ কথা কৈছিল ছোনিয়া গান্ধীয়ে। দেখা গৈছে তেৱেঁই ডেৰ বছৰ ধৰি ঘৰভাৰা দিয়া নাই।
মালব্যই শ্বেয়াৰ কৰা তথ্য অনুযায়ী, কেন্দ্রীয় হাউছিং আৰু আর্বান ডেভেলপমেন্ট মন্ত্ৰালয়ত আৰটিআই ককিছিল সুজিত পেটেল নামৰ এজন সমাজকর্মীয়ে। তাৰ উত্তৰত মন্ত্ৰালয়ে জনাইছে, কংগ্রেছৰ আকবৰ ৰোডৰ সদৰ কাৰ্যালয়ৰ ১২ লাখ ৬৯ হাজাৰ ৯০২ কোটি টকা বকেয়া আছে।
শেষবাৰ ২০১২ চনত দিয়া হৈছিল ভাৰা। অৱশ্যে এই সন্দৰ্ভত কংগ্রেছ বা ছোনিয়া কোনেও প্রতিক্রিয়া এতিয়ালৈকে প্ৰকাশ কৰা নাই।













