![]()
নিউজ ডেস্কঃ
উত্তৰ প্রদেশত বৃহস্পতিবাৰে অনুষ্ঠিত হয় প্রথম পৰ্যায়ৰ ভোটগ্রহণ। দ্বিতীয় পৰ্যায় ১৪ ফেব্রুৱাৰীত। প্রথমৰ পৰাই ৰাজ্যখনত চাপত আছে ভাৰতীয় জনতা পার্টি। সেয়ে সোঁশৰীৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে হাজিৰ হ’ল নৰেন্দ্র মোদী। নিজস্ব শৈলীৰে বিৰোধী দলগুবোৰক আক্রমণ কৰে। তেওঁ কয়, মুছলিম মহিলাসকলৰ তেওঁৰ প্রতি প্রশংসা দেখি বিৰোধীৰ পেটৰ বিষ হৈছে।
সাহাৰানপুৰত এক প্ৰচাৰ সভাত মোদীয়ে কয়, ‘যিয়ে ইউপিত উন্নয়ন কৰে, মানুহে তেওঁলোকক ভোট দিয়াৰ সিদ্ধান্ত লৈছে। যিয়ে ইউপিক কাজিয়া-পেচালৰ পৰা বিৰত ৰাখে, যিয়ে আমাৰ মাতৃ-ভগ্নীসকলক ভয়হীন কৰি ৰাখে, যিয়ে অপৰাধীক জে’লত ভৰাই ৰাখে, মানুহে তেওঁলোকক ভোট দিব।’ সমাজবাদী পার্টি আৰু মিত্ৰজোটক ‘ঘৰ-পৰিয়ালবাদী লোক’ আখ্যা দি মোদীয়ে কয়, ‘তেওঁলোক যদি ক্ষমতাত থাকিল হয় ভেকছিন বিক্রী হ’লহেঁতেনে ৰাস্তাত আৰু আপোনালোকে কোভিডৰ সৈতে জীৱন-মৃত্যুৰ খেল খেলিব লাগিলহেঁতেন।’ মুজফ্ফৰনগৰ আৰু সাহাৰানপুৰত অতীত সংঘটিত সংঘৰ্ষৰ প্রসঙ্গ দাঙি ধৰি তেওঁ সমাজবাদী পার্টিক সংঘৰ্ষবাদী আখ্যা দিয়ে।
মোদীয়ে লগতে কয়, ‘আমি মুছলিম ভনীসকলক তিনি তালাকৰ অত্যাচাৰৰ পৰা মুক্তি দিছো।
যেতিয়া মুছলিম ভনীসকলে মুকলিমুৰীয়াকৈ বিজেপিক সমর্থন কৰা আৰম্ভ কৰে, তেতিয়াই ভোটলোভীসকল অস্বস্তিত পৰি যায়। তেওঁলোকে মুছলিম মহিলাসকলক উন্নতি কৰাৰ পৰা বিৰত কৰাব বিচাৰে। আমাৰ চৰকাৰ মুছলিম মহিলাসকলৰ কাষত আছে।’ ইয়াৰ পিছতেই মোদীয়ে কয়, মুছলিম মহিলাসকলৰ তেওঁৰ প্রতি প্রশংসা দেখি বিৰোধীৰ পেটৰ বিষ হৈছে।













