![]()
নিউজ ডেস্কঃ
কেৰালাৰ ৱেইনাড় জিলাত ‘মাঙ্কি ফিভাৰ’ত আক্রান্ত হৈছে এজন ২৪ বছৰীয়া যুৱক।
থিৰুনেল্লি গাঁও পঞ্চায়তৰ অন্তর্গত পানাভাল্লি আদিবাসী এলেকাৰ বাসিন্দা যুৱকজন। চিকিৎসা বিজ্ঞানৰ ভাষাত এই ৰোগৰ নাম কেছানুৰ ফৰেষ্ট ডিজিজ (কেএফডি), কিন্তু মাঙ্কি ফিভাৰ নামেৰেই বেছি পৰিচিত। যুৱকজন চিকিৎসালয়ত ভৰ্তি হৈ আছে আৰু চিকিৎসকে তেওঁক পর্যবেক্ষণত ৰাখিছে। তেওঁৰ শাৰীৰিক অৱস্থা সম্প্ৰতি সুস্থিৰ বুলি জানিব পৰা গৈছে৷
কিন্তু কি এই মাঙ্কি ফিভাৰ?
ই এটি ৰক্তক্ষৰণজনিত সংক্রামক ব্যাধি যি ফ্লেভিভিৰিডি প্রজাতিৰ বীজাণুৰ পৰা হয়। প্রধানত পোকবাহিত এই ৰোগে আক্রমণ কৰে বান্দৰ আৰু মানুহক। আনহাতে, সংক্রমিত মৃত বান্দৰৰ সংস্পর্শলৈ আহিলেও এই ৰোগ হ’ব পাৰে।
এই ৰোগৰ উপসর্গ কি?
বহু লক্ষণ আছে। যেনে তীব্ৰ জ্বৰ, বমিভাব, বমি হোৱা, পেশীত অনমনীয় ভাব, মানসিক ভাৰসাম্যহীনতা, কঁপনি, দুৰ্বল দৃষ্টি, প্রচণ্ড মূৰৰ বিষ। ৰোগে আক্ৰমণ কৰিলে আৰু এই উপসর্গ দেখা দিয়াৰ চাৰি দিনমান পিছৰ পৰাই নাক, ডিঙি, দাঁতৰ আলু আনকি অন্ত্রাশয়ৰ পৰাও ৰক্তক্ষৰণ হ’ব।
চিকিৎসা কি?
এই ৰোগৰ নির্দিষ্ট কোনো চিকিৎসা নাই৷ অৱশ্যে আক্রান্ত হ’লে অৱশ্যেই চিকিৎসকৰ ওচৰ চপাটো প্ৰয়োজন।













