![]()
মনোৰঞ্জনঃ
প্ৰায়ে বিতৰ্কিত মন্তব্যৰ বাবে সংবাদ মাধ্যমৰ শিৰোনাম বুটলা ৰাখী সাৱন্তে শেহতীয়াকৈ ব্যায়াম আৰু কচৰতৰ সৈতে নিজক জড়িত কৰি ৰাখিছে। এইটো কোৱা হৈছে যে ৰাখীয়ে বৰ্তমান নিজৰ যথেষ্ট ঘাম মাটিত পেলাইছে। দৰাচলতে, ছলমান খানৰ তৰফৰ পৰা কামৰ প্ৰস্তাৱ পোৱাৰ পিছতেই এই পৰিৱৰ্তন ৰাখীৰ ভিতৰত দেখা গৈছে। ৰাখীয়ে নিজেই ছলমানৰ সৈতে কাম কৰাৰ কথা প্ৰকাশ কৰিছে। আৰু ইয়াক লৈ অভিনেত্ৰীগৰাকী বহুত উৎসাহিত হৈ ৰৈছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৰাখী সাৱন্তে আজিকালি তেওঁৰ বেছিভাগ সময় জিমত কটাইছে। তাত বহুপ্ৰকাৰৰ ব্যায়াম কৰিছে। এইটো কোৱা হৈছে যে ছলমানৰ সৈতে কাম কৰিবলৈ ৰাখীয়ে ওজন হ্ৰাস কৰিব লাগিব। সেইকাৰণে তেওঁ কঠোৰ পৰিশ্ৰম কৰি আছে।
ৰাখীয়ে সংবাদ মাধ্যমৰ ওচৰত প্ৰকাশ কৰে যে, ছলমান খানে তেওঁ কাম কৰিবলৈ প্ৰস্তাৱ দিছে লগতে ক্ষীণ হ’বলৈ কৈছে। অৱশ্যে, ছলমান খানৰ সৈতে ৰাখী সাৱন্তক কেতিয়া পৰ্দাত দেখা যাব? ইয়াৰ বিষয়ে কোনো তথ্য অহা নাই।
আপুনি প্ৰায়ে দেখাৰ দৰে, ৰাখীয়ে তেওঁৰ স্বামীৰ বিষয়ক লৈ চৰ্চালৈ আহে। ৰাখীয়ে তাইৰ স্বামী ৰীতেশৰ বিষয়ে এটা বিবৃতি দিছে। ৰাখী সাৱন্তে আগতে ৰীতেশক তেওঁৰ স্বামী বুলি কৈছিল, কিন্তু এতিয়া তেওঁলোক কেৱল বন্ধু বুলিহে প্ৰকাশ কৰে। জানিব পৰা মতে, ৰাখী আৰু ৰীতেশৰ মাজত কিছুমান বিষয়ত বিবাদ আছে।













