![]()
নিউজ ডেস্কঃ
দেশত আৰু কমিল কৰোনা আক্রান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত দেশত কৰোনা আক্রান্ত হৈছে ৫০ হাজাৰ ৪০৭ জন। শুক্রবাৰে এই সংখ্যা আছিল ৫৮ হাজাৰ ৭৭ জন। অর্থাৎ এটা দিনত দেশত কৰোনা আক্রান্তৰ সংখ্যা কমিছে ১৩ শতাংশ। শনিবাৰে স্বাস্থ্য মন্ত্রালয়ে দিয়া তথ্য অনুযায়ী, বিগত এসপ্তাহ ধৰি দেশত দৈনিক আক্রান্তৰ সংখ্যা এক লাখৰ ভিতৰত আছে।
দেশত মুঠ কৰোনা আক্রান্তৰ সংখ্যা বৰ্তমান ৬ লক্ষ ১০ হাজাৰ ৪৪৩ জন। সক্রিয় ৰোগীৰ সংখ্যাও কমিছে। এই হাৰ বৰ্তমান ১.৪৩ শতাংশ। লগতে কৰোনাৰ দৈনিক সংক্রমণৰ হাৰো নিম্নমুখী। বিগত ২৪ ঘণ্টাত দেশত দৈনিক সংক্রমণৰ হাৰ ৩.৪৮ শতাংশ।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত ৮০৪ জনৰ মৃত্যু হৈছে কোভিডত। ৰাজ্যবোৰৰ ভিতৰত সৰ্বাধিক মৃত্যু হৈছে কেৰালাত। বিগত ২৪ ঘণ্টাত ২৫১ জনৰ মৃত্যু হৈছে ৰাজ্যখনত। ইফালে দেশত কোভিডৰ পৰা সুস্থতাৰ হাৰ ৯৭.৩৭ শতাংশ।













