![]()
নিউজ ডেস্কঃ
আদেশ খামৰা। এজন ভাল দর্জী হিচাবে নিজৰ অঞ্চলত সুনাম আছে তেওঁৰ। কিন্তু দিনত কাপোৰ চিলাই কৰা উক্ত নিমাখিত ব্যক্তিজনৰে নিশা হ’লে সলনি হয় চৰিত্ৰ। তেতিয়া তেওঁ সকলোৰে আদেশ দর্জী হৈ নাথাকে, হৈ পৰে এজন ভয়ানক হত্যাকাৰী!
হত্যাৰ বাবে নিশাৰ অন্ধকাৰকে বাছি লয় আদেশে। কিন্তু পুৱা হ’লে সকলোৰে চিনাকি দর্জী। ফলত অঞ্চলটোৰ লোকসকলতো বাদেই, আনকি ঘৰৰ লোকসকলেও কোনো দিনে উমান পোনা নাছিল আদেশ যে এজন ‘ছিৰিয়েল কিলাৰ’। সম্প্রতি আৰক্ষীৰ জালত পৰিছে আদেশ আৰে তেওঁৰ গেং।
বিগত ৯ বছৰ ধৰি ছয় ৰাজ্যত ৩৩ জনক হত্যা কৰিছে আদেশে। তেওঁৰ মূলত চিকাৰ আছিল ট্রাকচালকসকল। হাইৱে’ৰ কাষত ধাবাবোৰত জাল পাতিছিল আদেশ আৰু তেওঁৰ গেংটোৱে। তাতেই ট্রাকচালকসকলৰ সৈতে কথা-বতৰাৰ জৰিয়তে ঘনিষ্ঠতা গঢ়ি তুলিছিল। তেওঁলোকৰ বিশ্বাস অর্জন কৰিছিল। ইয়াৰ পিছতেই উক্ত ট্রাকচালকৰ গাড়ীত উঠিছিল আদেশ। খালী স্থানত আগৰ পৰাই তেওঁৰ দলৰ লোকসকলে অপেক্ষা কৰিছিল। ট্রাকখন উক্ত স্থান পোৱাৰ সময়তেই চালকৰ ওপৰত আক্ৰমণ চলাইছিল আদেশে। তাৰ পিছত হত্যা কৰি সকলো বস্কু-বাহানি আনকি ট্রাকৰ মালবস্তুও লুট কৰি ট্রাকখন তাতেই এৰি থৈ গুচি আহিছিল।
মহাৰাষ্ট্র, মধ্যপ্রদেশসহ বহুকেইখন ৰাজ্যত ট্রাকচালকসকলক হত্যাৰ ঘটনা দিনক দিনে বৃদ্ধি পাইছিল। মহাৰাষ্ট্র আৰু মধ্যপ্রদেশ আৰক্ষী তদন্তত নামে। এই দুই ৰাজ্যত যিমান হত্যাকাণ্ড হৈছে সকলো নমুনা সংগ্রহ কৰে আৰক্ষীয়ে। তাত দেখা যায় যে দুয়োখন ৰাজ্যতে যিমান ট্রাকচালকৰ হত্যা হৈছে, হত্যাৰ ধৰণ সকলোতে একে। তদন্ত জোৰদাৰ কৰাৰ পিছতেই এটা এটাকৈ সকলো সূত্র একত্ৰিত কৰি দুয়ো ৰাজ্যৰ আৰক্ষী ভূপালৰ মণ্ডিদীপত আদেশৰ অঞ্চলত উপস্থিত হয়। প্রথমতে হত্যাৰ কথা স্বীকাৰ কৰা নাছিল আদেশে। কিন্তু জেৰাৰ পিছত তেওঁ যি বর্ণনা দিয়ে, তাত স্তম্ভিত হৈ পৰে তদন্তকাৰী বিষয়াসকল। জেৰাত আদেশে স্বীকাৰ কৰে, ছয় ৰাজ্যত ৩৩ জন ট্রাকচালকক হত্যা কৰাৰ কথা৷













