![]()
নিউজ ডেস্কঃ
লখিমপুৰৰ খেৰিত প্রতিবাদী কৃষককক গাড়ীৰে পিষ্ট কৰাৰ গোচৰত শুকুৰবাৰে জামিন লাভ কৰে কেন্দ্রীয় মন্ত্রী অজয় মিশ্র টেনিৰ পুত্র আশিস মিশ্ৰই। এলাহাবাদ হাইকোর্টৰ লক্ষ্ণৌ বিচাৰপীঠে তেওঁৰ জামিন মঞ্জুৰৰ পিছত স্বস্তি পেলালেও এতিয়াও জে’লৰ পৰা মুক্তি পোৱা নাই তেওঁ। ইয়াকে লৈ এতিয়া পুনৰ উদ্বেগ বাঢ়িছে আশিস আৰু তেওঁৰ পৰিয়ালৰ।
লখিমপুৰ আৰক্ষীয়ে আশিসৰ বিৰুদ্ধে ১৪৭, ১৪৮, ১৪৯, ৩০২, ৩০৭, ৩২৬, ৩৪, ৪২৭ আৰু ১২০বি ধাৰাত গোচৰ ৰুজু কৰিছিল। ইয়াৰ লগতে অস্ত্র আইনতো তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হয়। চার্জশ্বিটতো আইনৰ এই ধাৰাবোৰ উল্লেখ আছিল।
কিন্তু হাইকোর্টে জামিনৰ যি নির্দেশ জাৰি কৰিছে তাত ৩০২ আৰু ১২০ বি অনুচ্ছেদৰ কোনো উল্লেখ নাই। ইয়াৰ ভিতৰত ৩০২ ধাৰাত হত্যাৰ অভিযোগ আৰু ১২০বি ধাৰাত অপৰাধমূলক ষড়যন্ত্রৰ অভিযোগত লিপ্ত থাকিলে অভিযোগ কৰা হয়।
কিন্তু জামিনৰ নির্দেশনামাত এই দুটি ধাৰাৰ উল্লেখ নথকাত জে’লৰ পৰা মুক্তি পোৱা নাই মন্ত্রী পুত্রই। এনে পৰিস্থিতিত আশিসৰ অধিবক্তা পুনৰ আদালতৰ দ্বাৰস্থ হ’ব, যাতে জামিনৰ নির্দেশ-পত্রত ১২০বি আৰু ৩০২ ধাৰা সংযুক্ত কৰা হয়।













