![]()
মনোৰঞ্জনঃ
আলিয়া ভট্ট আৰু ৰণবীৰ কাপুৰৰ বিয়াৰ বিষয়ে শেহতীয়াকৈ কিছু আচৰিত খবৰ প্ৰকাশ পাইছে। আলিয়াই এক সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰোতে তেওঁ কয় যে, অভিনেত্ৰী গৰাকী বিবাহিত। এইটো শুনিয়ে তেওঁলোকৰ অনুৰাগীসকল আচৰিত হৈছে। কাৰণ, অনুৰাগীসকল আলিয়া-ৰণবীৰৰ বিয়াখনক লৈ দীৰ্ঘদিন ধৰি অপেক্ষাৰত হৈ আছে। এনে পৰিস্থিতিত, আলিয়াৰ এই উত্তৰটো অলপ আচৰিত।
এনডিটিভিৰ সৈতে হোৱা বাৰ্তালাপত, যেতিয়া আলিয়া ভাটক তেওঁৰ বিবাহ সম্পৰ্কে প্ৰশ্ন কৰা হৈছিল, অভিনেত্ৰীগৰাকীয়ে কৈছিল যে ৰণবীৰৰ সৈতে তেওঁৰ বিবাহ ইতিমধ্যে ‘মনত’ অৰ্থাৎ হৃদয়ত হৈছে। এতিয়া এইটো আলিয়াৰ ধেমালি নে অইন কিবা সেয়া আপোনালোকে নিজেই বিবেচনা কৰক।
অৱশ্যে, আলিয়া-ৰণবীৰৰ বিয়াৰ বিষয়ে দীৰ্ঘদিন ধৰি বাতৰি আহিছে। এইটো কোৱা হৈছে যে চলিত বছৰতেই তাৰকদ্বয় বিবাহপাশত আৱদ্ধ হ’ব। দুয়োজনে বহু আগতে তেওঁলোকৰ সম্পৰ্কক আনুষ্ঠানিক কৰি তুলিছিল। এতিয়া তেওঁলোকে তেওঁলোকৰ বিয়াৰ বাবে অপেক্ষা কৰি আছে।
উল্লেখ্য যে, আলিয়া ভাট তেওঁৰ আহিবলগীয়া ছবি ‘গঙ্গুবাই কাঠিয়াৱাড়ী’ৰ বিষয়ে আলোচনাত আছে। ছবিখনৰ ট্ৰেইলাৰ ওলাই অহাৰ পিছত, তেওঁ লুকৰ বাবে যথেষ্ট প্ৰশংসিত হৈছে।













