ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ চাহ জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি চাৰিবেৰৰ আৱৰ্তৰ পৰা ৰাজ্যিক-ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ আগবঢ়াই নিয়াৰ লক্ষ্য আগত ৰাখি গোলাঘাট জিলাৰ খুমটাই চাহ বাগিচাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় উড়িয়া নৃত্য কৰ্মশালা৷
গোলাঘাট জিলাৰ খুমটাই চাহ বাগিচাৰ টি গাৰ্ডেন বাল্য ভৱন প্ৰাঙ্গনত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ গোলাঘাট সাংস্কৃতিক কেন্দ্ৰৰ তত্বাৱধানত মুখ্যমন্ত্ৰী গ্ৰাম্য উন্নয়ন যোজনাৰ অন্তৰ্গত নৱ জাগৰণ অভিযান, অসমৰ উদ্যোগত আয়োজন কৰা কৰ্মশালাত বৃহত্তৰ অঞ্চলটোৰ চাহ জনগোষ্ঠীৰ কিশোৰী, যুৱতীসকলে অংশগ্ৰহণ কৰে৷
যোৱা ২৪ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হোৱা কৰ্মশালাৰ সফলভাৱে অন্ত পৰাৰ পাছত দেওবাৰে অনুষ্ঠিত হয় বৰ্ণাঢ্য সামৰণি অনুষ্ঠান৷













