![]()
স্বাস্থ্য প্ৰতিবেদনঃ
পুষ্টি আৰু চকুৰ স্বাস্থ্যৰ সম্পর্ক অতি গভীৰ। দৃষ্টিশক্তি ভালে ৰখাৰ বাবে দৰকাৰ নিয়মিত স্বাস্থ্যকৰ খাদ্য খোৱাটো। ভিটামিন, খনিজ পদার্থ, নানা ধৰণৰ এন্টি-অক্সিডেন্টযুক্ত খাদ্য খোৱাটো জৰুৰী। এই ধৰণৰ উপাদান থাকে শাক-পাচলি আৰু ফলত। সেয়ে সকলো ধৰণৰ শাক-পাচলি মিলাই সৃষ্টি কৰিব লাগিব দৈনিক খাদ্য তালিকা।
কোন পাঁচবিধ খাদ্যই সহজতেই চকুৰ স্বাস্থ্যৰ যত্ন লয়?
১) ৰৌ, ভকুৱা, ইলিচ, মাগুৰৰ দৰে মাছত ওমেগা থ্রি ফেটি এচিডৰ পৰিমাণ বেছি৷ সেয়ে এইবোৰ বেছিকৈ খাব। চকুৰ মণি ভালে থাকে। দৃষ্টিশক্তিও বাঢ়ে। ৰুক্ষ চকুৰ সমস্যা কমে।
২) গাজৰে যে চকুৰ যত্ন লয়, সেয়া সকলোৱেই জানে। ইয়াত থকা বিটা-কেৰোটিনে শৰীৰত ভিটামিন-এ যোগান ধৰে। নিয়মিত গাজৰ খালে চকুত সংক্রমণৰ আশঙ্কা কমে।
৩) কণী খোৱাটো চকুৰ স্বাস্থ্যৰ বাবে জৰুৰী। কণীৰ কুহুমত বিভিন্ন ধৰণৰ খনিজ পদার্থ থাকে। লগতে থাকে ভিটামিন-এ আৰু জিঙ্ক। সকলোকেইটা উপাদানেই চকুৰ স্বাস্থ্যৰ বাবে গুৰুত্বপূর্ণ।
৪) গাখীৰ আৰু দৈতো আছে প্রচুৰ পৰিমাণৰ ভিটামিন-এ আৰু জিঙ্ক। দুয়োটা উপাদানেই চকুৰ বিভিন্ন অংশৰ যত্ন লয়। তাৰ উপৰি গাখীৰত এনে কিছু খনিজ পদাৰ্থ থাকে, যাক খালে নিশাৰ দৃষ্টিশক্তি উন্নত হয়।
৫) কমলা টেঙাও চকুৰ বাবে ভাল। ইয়াত আছে প্রচুৰ পৰিমাণৰ ভিটামিন-চি। এই ভিটামিন ৰক্ত চলাচলৰ ক্ষেত্রত জৰুৰী। চকুত ৰক্ত চলাচল ভাল হ’লে সংক্রমণ হোৱাৰ আশঙ্কা কমে।













