![]()
নিউজ ডেস্কঃ
ৰাজ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখন ক্ৰমাৎ যেন অসম তথা অসমীয়া ভাষা কৃষ্টি সংস্কৃতি বিৰোধী হৈ পৰিছে।
শেহতীয়া ভাৱে চৰকাৰখনে গ্ৰহণ কৰা কেতবোৰ সিদ্ধান্তই তাকেই বাৰে বাৰে প্ৰমাণ কৰিছে।অসম লোকসেৱা আয়োগৰ পৰা ভাষা বিষয়ৰ প্ৰশ্নকাকত প্ৰত্যাহাৰৰ সিদ্ধান্ত মাৰ নাযাওঁতেই এইবাৰ উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমৰ পৰা গোপনে প্ৰত্যাহাৰ কৰা হৈছে বিহু বিষয়ক পাঠ্যক্ৰম।উল্লেখ্য ২০২০-২১বৰ্ষ পৰা উচ্চতৰ মাধ্যমিকৰ একাদশ আৰু দ্বাদশ শ্রেণীৰ বাবে ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল।
কিন্তু এটা শিক্ষাবৰ্ষ শেষ হবলৈ নাপাওতেই বিষয়তো বাতিল কৰিছে চৰকাৰ তথা শিক্ষা বিভাগে।গুৰুত্বপূৰ্ণ কথা যে অসম তথা অসমীয়া জাতীয় উৎসৱ বিহু লগতে অন্যান্য জাতি-জনগোষ্ঠীৰ ৰীতি-নীতি পৰম্পৰাক সামৰি প্ৰস্তুত হৈছিল বিহু বিষয়ৰ পাঠ্যক্ৰম।প্ৰাক্তন মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ডঃ দয়ানন্দ বৰগোহাঁই তৎপৰতা বাবেই উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমত ঐচ্ছিক বিষয়ৰূপে বিহুক অন্তৰ্ভুক্ত হৈছিল।
আনহাতে বিহু বিষয় গোপনে প্ৰত্যাহাৰ কৰা সন্দৰ্ভত সংসদৰ এক সূত্ৰই কয়- নতুন শিক্ষানীতি অনুসৰি ভাৰতীয় সংস্কৃতিক আদৰি লোৱাৰ বাবেই বিহু বিষয় বাতিল কৰা হৈছে।সূত্ৰতো মতে বিহু বিষয় বাতিল কৰি একে পাঠ্যক্ৰমত থকা স্বদেশ অধ্যয়ন বিষয়টোক শক্তিশালী ভাৱে প্ৰতিষ্ঠা কৰা নিৰ্দেশ আহিছে।
অসমীয়া ছাত্ৰ ছাত্ৰীয়ে যাতে ভাৰতীয় সংস্কৃতি,ইতিহাস গভীৰকৈ অধ্যয়ন কৰি ৰাষ্ট্ৰীয়তাবাদী আদৰ্শত বিলীন হব পাৰে তাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।গুৰুত্বপূৰ্ণ কথা বিজেপি চৰকাৰৰ প্ৰথমতো কাৰ্যকাল অৰ্থাৎ সৰ্বানন্দ সোণোৱালৰ জাতি-মাটি-ভেটি ৰক্ষাৰ অংশ আছিল উচ্চতৰ মাধ্যমিকত বিহু বিষয়ক সন্নিবিষ্ট কৰাটো।
ইফালে বিহুক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা পাছতেই ‘বিহু উৎসৱ অৱ আসাম’ নামেৰে এখন পাঠ্যপুথি প্ৰণয়নো কৰা হৈছিল।ঐচ্ছিক বিষয় হিচাপে সন্নিবিষ্ট বিষয়টোত মুঠ নম্বৰ ১০০নিৰ্ধাৰণ কৰা হৈছিল।৬০নম্বৰ প্ৰেক্টিকেল আৰু ৩০নম্বৰ থিয়ৰীত আছিল।বৰ্তমান ৯৯৬ গৰাকীৰ ছাত্ৰ-ছাত্ৰীয়ে বিহু বিষয়ক অধ্যয়ন কৰিছে।কিন্তু পঢ়ি থকা বিষয় এটা হঠাৎ নোহোৱা কৰা চৰকাৰী সিদ্ধান্তই আচম্বিত কৰি তুলিছে ছাত্ৰ-ছাত্ৰীসকলক।
তাপৰ্যপূৰ্ণ কথা হিমন্ত নেতৃত্বাধীন বিজেপি চৰকাৰখনে শেহতীয়াভাৱে গ্ৰহণ কৰা অসম তথা অসমীয়া ভাষাৰ বিৰোধী সিদ্ধান্তসমূহ এনেধৰণৰ নৱম শ্রেণী পৰা দশম শ্রেণীলৈ তিনিটা বিষয়ত ইংৰাজী মাধ্যমত পাঠদান।সমষ্টিয়ে সমষ্টিয়ে চৰকাৰে স্থাপন কৰিব ইংৰাজী মাধ্যমৰ বিদ্যালয়, যত থাকিব পাঠ্যক্ৰম চিবিএছচি।কিন্তু আশ্চৰ্যজনক কথা অসমীয়া ভাষা বাধ্যতামূলক ভাৱে অধ্যয়ন কৰিবলৈ আজি পয্যন্ত বাধ্য কৰিব পৰা নাই চৰকাৰখনে।













