![]()
ছাইদুল ইছলাম,
ডিফুঃ
কেন্দ্ৰীয় চৰকাৰৰ ‘বচপন বাচাও’ আঁচনীৰ অধীনত মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে জিলা আইন সেৱা প্ৰাধিকৰণে কাৰবি আংলং জিলাৰ প্ৰতিখন থানাত একোজনকৈ আইনী স্বেচ্ছাসেৱী নিযুক্তি প্ৰদান কৰিছে ৷

এইলৈ যোৱা শুকুৰবাৰে ডিফুস্থিত আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত এখনি প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায় ৷ উক্ত প্ৰশিক্ষণত দৰিদ্ৰ আৰু আৱশ্যক সকলক সংশ্লিষ্ট আবেদনৰ বাবে আনগত ভাবে কেনেদৰে আইনী সাহায্য প্ৰদান কৰা হব তাৰ এপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷

উক্ত প্ৰশিক্ষণ কাৰ্যসূচীত ডিএলএছএৰ সচিব নাগিব আহমেদ আৰু জিলা মুখ্য ন্যায়াধীশ প্ৰণিতা মৰাং সমল ব্যক্তি হিছাপে উপস্থিত থাকে ৷ ডিএলএছএৰ উক্ত কাৰ্যই দৰিদ্ৰ আৰু আৱশ্যক সকলৰ বহু পৰিমানে সহায়ক হব ৷













