![]()
নিউজ ডেস্কঃ
তলৰ মহলাত পৰা কাপোৰ উঠাই আনিবলৈ নিজৰ শাৰীৰে ওলোমাই পুত্ৰক নমাই দিলে তলৰ মহলালৈ। তাৰ পিছত মাতৃয়ে আকৌ তেনেদৰেই টানি উঠালে পুত্ৰক। অলপমান হাত পিছলা মানেই ৰক্ষা নাছিল পুত্ৰৰ। কাৰণ মহিলাগৰাকী আছিল নিজৰ ১০ মহলীয়া ফ্লেটৰ বাৰান্দাত। উক্ত ভিডিও এতিয়া ভাইৰেল। ভিডিও চাই অবাক নেটিজেনসকল। ফৰিদাবাদৰ ছেক্টৰ ৮২ৰ ঘটনা এইটো।
ফ্লোৰিডা এপার্টমেন্ট নামৰ এটি ফ্লেটত ঘটে এই কাণ্ড। ৬ ফেব্রুৱাৰীত ওলোটা দিশৰ ফ্লেটৰ পৰা ভিডিওটো কৰে এজন প্ৰতিবেশীয়ে। টুইটাৰত পোষ্ট কৰিছে আইপিএছ দীপাংশু কাবৰাই। লিখিছে, ‘অসাৱধানতা, সংবেদনশীলতাৰ অভাৱ, দায়িত্বহীনতাৰ চূড়ান্ত নিদৰ্শন। এনেদৰে নিজৰ সন্তানৰ জীবন বিপন্ন কৰাৰ অধিকাৰ নাই তেওঁৰ।”













