ASSAM TIMES POST
নগাঁওঃ মহা মৃত্যুঞ্জয় সাধক আচাৰ্য ভৃগুগিৰি মহাৰাজৰ মৃত্যুত নগাঁও জিলাত শোকৰ ছাঁ পৰে। আধ্যাত্মিক দৰ্শনেৰে সমাজক সঠিক পথৰ সন্ধান দিয়া ৮৯ বছৰ বয়সৰ আচাৰ্য গৰাকীয়ে গুৱাহাটীৰ এখন নাৰ্ছিং হোমত চিকিৎসাধীন অৱস্থাত আজি পুৱা ৭-৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে।
আচাৰ্য ভৃগুগিৰি মহাৰাজৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত থকা তেওঁৰ শিষ্য সকল শোকত ম্ৰিয়মান হৈ পৰে। বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে আধ্যাত্মিক দৰ্শনক বিশ্লেষণু কৰি কৰ্ম সংস্কৃতিক প্ৰাধান্য দিয়া আচাৰ্য ভৃগুগিৰি মহাৰাজৰ উদ্যোগত নগাঁও জিলাৰ পুৰণিগুদামৰ নৰসিংহ ক্ষেত্ৰত এছিয়া মহাদেশৰ ভিতৰত সৰ্ববৃহৎ লিংগাকাৰ মহা মৃত্যুঞ্জয় মন্দিৰ নিৰ্মানৰ কাম আৰম্ভ হয়।
ডেৰ দশকৰো অধিক কাল ধৰি নিৰ্মাণ কাৰ্য চলি থকা এই লিংগাকাৰ মৃত্যুঞ্জয় মন্দিৰ ২০২১ চনত ভক্তৰ বাবে মুকলি কৰিব পৰা হব বুলি আচাৰ্য গৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছিল। শংকৰাচার্যকে প্ৰমুখ্য কৰি ভাৰতবর্ষৰ বিভিন্ন প্ৰান্তৰ আধ্যাত্মিক উপাসক সকলৰ লগত সু সম্পৰ্ক থকা এই গৰাকী বিদ্বান সাধকে বেদৰ বৈজ্ঞানিক বিশ্লেষণকে ধৰি বিজ্ঞান আৰু আধ্যাত্মিক দৰ্শনৰ আধাৰত শতাধিক মূল্যৱান গ্ৰন্থ ৰচনা কৰি থৈ গৈছে।
আচাৰ্য ভৃগুগিৰি মহাৰাজৰ মৃত্যু অসমৰ সমাজ জীৱন বিশেষকৈ আধ্যাত্মিক দিশত এক অপূৰণীয় ক্ষতি হিচাপে চিহ্নিত হৈছে। আচাৰ্য গৰাকীৰ মৃত্যুত নগাঁৱৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে। ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, অসমৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা, মৃত্যুঞ্জয় মন্দিৰ ট্ৰাষ্টৰ সভাপতি উত্তম চান্দ নাহাতা, মৃত্যুঞ্জয় মন্দিৰ পৰিচালনা সমিতিৰ লগতে নগাঁৱৰ ভালেসংখ্যক বিশিষ্ট নাগৰিকে গভীৰ শোক প্ৰকাশ কৰে।
ইপিনে আচাৰ্য গৰাকীৰ মৃত্যুত নৰসিংহ ক্ষেত্ৰত চলি থকা দেৱী দুৰ্গাৰ নৱৰাত্ৰি পূজাৰ পৰিবেশ ম্লান পৰা পৰিলক্ষিত হয় যদিও নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি পূজাৰ কাৰ্য সম্পন্ন হব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে। গুৱাহাটীৰ বশিষ্ঠ অঞ্চলত থকা আচাৰ্য ভৃগুগিৰি মহাৰাজৰ আশ্ৰম পঞ্চকন্যা ধামত আজি বিয়লি আচাৰ্য গৰাকীৰ নশ্বৰ দেহৰ শেষকৃত্য সম্পন্ন কৰা হয়।













