ASSAM TIMES POST
কিশোৰ মিশ্র, ফকিৰাগ্রামঃ কোকোৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম সমবায় সমিতি লিমিটেডৰ বাৰ্ষিক সাধাৰণ সভাখন কালি যোগদোই ভি সি ডি সি অন্তর্গত যোগদোই মেশপাৰা কমুনিটি হোলত সম্পন্ন হয়৷ দীপক মজুমদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বাৰ্ষিক সাধাৰণ সভাত জ্যেষ্ঠ পৰিদৰ্শক এন কুমাৰ দেৱৰী সহ সমিতিৰ উপ-সভাপতি জালালুদ্দিন আহমেদ, সমিতিৰ সদস্য সাহজাহান আহমেদ উপৰি সমবায় সমিতিৰ সদস্য সচিব, উপ-সভাপতি, নিৰ্বাচিত সদস্য আৰু অংশীদাৰ সকল উপস্থিত থাকে৷
সভাত বিগত ২০১৮-১৯ বৰ্ষৰ আয়-ব্যয়ৰ হিচাপ দাখিল কৰা হয়৷ সভাপতি দীপক মজুমদাৰ আৰু সচিবে সদনত দাখিল কৰা তথ্য মতে বিগত বৰ্ষত ৮২,৮২,৬১২ টকা আয় হোৱাৰ বিপৰীতে ৮৯,১৭,২৪৭ টকা খৰচ হোৱাত সৰ্বমুঠ ৬,৩৪,৬৩৫ টকাৰ ঋণৰ বোজা বহন কৰিব লগীয়া হৈ আছে৷ ইয়াৰোপৰি সমবায় সমিতিখনে ৰাজ্য চৰকাৰৰ পৰা ২৭,২৯,৩৭৯ টকা পাবলগীয়া আছে যদিও ইয়াৰ বিপৰীতে সমবায় সমিতিৰ এজেন্ট সকলক দিবলগীয়া হৈ আছে ১০,৬৭,৯৫২ টকা৷
সাম্প্ৰতিক সময়ত ঋণত পোত গৈ জুৰুলা হৈ পৰা সমবায় সমিতিখনৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি সাধন কৰিবলৈ অংশীদাৰ বৃদ্ধিৰ উপৰি ৰাজ্য চৰকাৰ,বি টি চি চীফ হাগ্ৰামা মহিলাৰীৰ সহায় বিচাৰিছে৷ এই সন্দৰ্ভত সভাপতি দীপক মজুমদাৰ আৰু সদস্য সাহজাহান আলীয়ে প্ৰকাশ কৰামতে সমবায় সমিতিৰ অৰ্ধ নিৰ্মিত কাৰ্যালয় আৰু গুদাম ঘৰ নিৰ্মাণ হলে খৰচৰ বোজা বহুখিনি হ্ৰাস পাব৷
নিজ কাৰ্যালয় আৰু গুদাম ঘৰ নথকা অৱস্থাত অত্যাধিক ভাড়া বহন কৰিবলগীয়া হোৱাত মাত্ৰাধিক খৰচ বহন কৰি ঋণগ্ৰস্ত হৈ পৰিছে৷ তেনে অৱস্থাত সমবায় সমিতি খনক পুনৰোজ্জীৱিত কৰিবলৈ বি টি চিৰ বিভাগীয় কাৰ্যবাহী সদস্যক দৃষ্টি আকৰ্ষন কৰি আৰ্থিক সাহায্য বিচাৰিছে৷













