![]()
অজন্তা তালুকদাৰ,
বোকাখাতঃ
বোকাখাত টাউন হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী, সন্ধানী লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী বোকাখাতৰ বিশিষ্টা সমাজকর্মী সুখ দত্ত শইকীয়াই আজি বিয়লি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যুক সাৱতি লয়৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৬ বছৰ৷
পুৱতি সাহিত্য সভাৰ আজীৱন সভ্য, সুলেখিকা প্ৰয়াত সুখ দত্ত শইকীয়াই বিভিন্ন প্ৰৱন্ধ, গল্প, কবিতা কাকত আলোচনীত প্ৰকাশ পাই আহিছিল৷ কিছুদিনৰ পৰা হৃদযন্ত্ৰৰ অসুখত ভূগি থকা প্ৰয়াত সুখ দত্ত শইকীয়াক দুসপ্তাহ পূর্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভর্ত্তি কৰোৱা হৈছিল৷ অৱশ্যে, স্বাস্থ্যৰ অৱনতি ঘটি আজি বিয়লি তেখেতে মৃত্যুক সাৱটি লয়৷ ভপ্ৰ
প্ৰয়াত দত্ত শইকীয়া বোকাখাত যোগানন্দ দেৱসত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰৱক্তা প্ৰয়াত মহেন্দ্ৰনাথ শইকীয়াৰ পত্নী তথা বিজেপিৰ যুৱনেতা-যুৱব্যৱসায়ী অনিমেষ শইকীয়াৰ মাতৃ৷ তেখেতৰ মৃত্যুত তেখেতৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বোকাখাত মহকুমা সাংবাদিক সন্থা, ইমজা, সন্ধানী লেখিকা সমাৰোহ সমিতি, পুৱতি সাহিত্য সভা, বোকাখাত নাট্য মন্দিৰ পৰিচালনা সমিতি, বোকাখাত বাৰোৱাৰী পূজা সমিতি, বোকাখাত ব্যৱসায়ী সন্থা, চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয় আদিৰ লগতে বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে৷
মৃত্যুৰ সময়ত তেখেতে সু-প্ৰতিষ্ঠিত চাৰি পুত্ৰ, এগৰাকী কন্যা আৰু নাতি-নাতিনীৰে এখন ভৰা সংসাৰ এৰি গৈছে৷













