![]()
নিউজ ডেস্কঃ
অসম জাতীয় পৰিষদে ঘোষণা কৰিলে মাজুলী উপ-নিৰ্বাচনৰ প্ৰাৰ্থী নাম।চিত্ৰৰঞ্জন বসুমতাৰী মাজুলী উপ-নিৰ্বাচনত বিজেপি বিৰোধী শক্তিৰ উমৈহতীয়া প্ৰাৰ্থী হব।গুৱাহাটী দল মুখ্য কাৰ্যালয়ত সংবাদমেল যোগে ঘোষণা কৰে এজেপি সভাপতি লুৰীণজ্যোতি গগৈয়ে।উল্লেখ্য ৭মাৰ্চত অনুষ্ঠিত হব মাজুলী উপ নিৰ্বাচন।
গুৰুত্বপূৰ্ণ সমষ্টিতোত কংগ্ৰেছ আৰু ৰাইজৰ দলে প্ৰদান নকৰে প্ৰাৰ্থী।বিজেপি বিৰোধী অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীক জনাব সমৰ্থন সংবাদমেলত গগৈয়ে কয়।
উল্লেখ্য যে যোৱা বিধানসভা নিৰ্বাচনত ধেমাজি সমষ্টিত বসুমতাৰীয়ে আগবঢ়াইছিল প্ৰাৰ্থীত্ব।যত তেওঁ লাভ কৰিছিল ৫৮হাজাৰ ভোট।













