![]()
নিউজ ডেস্কঃ
৮৭ বছৰীয়া এগৰাকী বৃদ্ধাক ধর্ষণৰ ঘটনাত গ্ৰেপ্তাৰ ৩০ বছৰীয়া এগৰাকী চাফাইকর্মী। ঘটনাটো দিল্লীৰ তিলকনগৰৰ।
আৰক্ষী সূত্ৰ মতে, দেওবাৰে বিয়লি মহিলাগৰাকীৰ জীয়ৰী সান্ধ্য ভ্ৰমণৰ বাবে ওলাই গৈছিল। সেই সময়তে এজন চাফাইকর্মী তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰে। ঘৰত অকলেই আছিল বৃদ্ধাগৰাকী। অচিনাকি ব্যক্তিজন হঠাৎ ঘৰত প্ৰৱেশ কৰাত তেওঁ ভয় খাই যায়। ব্যক্তিজনক তেওঁ প্রশ্ন কৰে, তেওঁ কোন আৰু কিয় মনে মনে ঘৰত সোমাইছে?
বৃদ্ধাগৰাকীৰ প্রশ্নৰ উত্তৰত তেওঁ কয় যে তেওঁ এগৰাকী গেছ কোম্পানীৰ কর্মচাৰী। তেওঁক কিবা কামৰ বাবে তালৈ মতা হৈছে। বৃদ্ধাগৰাকীৰ তেতিয়া অলপ সন্দেহ হয়। বৃদ্ধাগৰাকীয়ে তেওঁক সন্দেহ কৰা বুলি অনুমান কৰিছিল চাফাইকর্মীজনে। ইয়াৰ পিছতেই বৃদ্ধাগৰাকীৰ ওপৰত আক্ৰমণ কৰে। অভিযোগ, বৃদ্ধাগৰাকীক প্রথমে মাৰধৰ কৰি তাৰ পিছত তেওঁক ধর্ষণ কৰি পলাই যায় চাফাইকর্মীজন।
ঘটনাৰ পিছতেই অঞ্চলটোত হুলস্থুল লাগি যায়। আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে বৃদ্ধাগৰাকীৰ জীয়ৰীয়ে। আৰক্ষীয়ে তদন্তত নামি চাফাইকর্মীজনৰ বিষয়টো জানিব পাৰে। পিছত আৰক্ষীৰ বিশেষ দলে চাফাইকর্মীজনক গ্রেপ্তাৰ কৰে। ধৃতকৰ বিৰুদ্ধে ধর্ষণ, আক্ৰমণসহ একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে।













