ASSAM TIMES POST
নগাঁওঃ এজাক বৰষুণতে বুৰিল নগাওঁ চহৰৰ কেবাটাও পথ। বিসংগতিপূৰ্ণ নলা-নৰ্দমা নিৰ্মাণৰ ফলত চহৰখনৰ বিভিন্ন স্থানত পথৰ ওপৰত ডোঙা বান্ধিছে বৰষুণ আৰু নলা-নৰ্দমাৰ পানী।বিশেষকৈ নগাঁও চহৰৰ পৰা গুৰুজনাৰ জন্মস্থান বটদ্ৰবালৈ যোৱা একমাত্ৰ পথৰ ধিং গেট অঞ্চলত দীৰ্ঘদিন ধৰি সৃষ্টি হৈ আহিছে এক কদৰ্যময় পৰিবেশ। পুখুৰী সদৃশ গাঁত থকা এই পথচোৱা এতিয়া পানীৰ তলত।
ধিং গেট অঞ্চলত পথৰ এই শোচনীয় অৱস্থাই জ্বলাকলা খুৱাইছে উক্ত পথেৰে যাতায়াত কৰা পথাচাৰী আৰু যানবাহনৰ আৰোহীক। কিন্তু ইয়াৰ প্ৰতি কোনো কাণসাৰ নাই গড়কপ্তানী বিভাগৰ। পথৰ এনে দুৰৱস্থাক লৈ অতীষ্ঠ হৈ পৰিছে পথচাৰী আৰু ৰাইজ। আনহাতে বৃহৎ বৃহৎ গাঁত থকা এই পথচোৱাত সংঘটিত হৈছে বহুকেইটা দুৰ্ঘটনা।
এনে পৰিস্থিতিত স্থানীয় লোকে পথত খুঁটি পুতি গাঁতৰ অৱস্থিতিৰ উমান দিবলগাত পৰিছে। কেৱল ধিং গেট অঞ্চলতে নহয় চহৰখনৰ আন কেবাটাও পথ এতিয়া কৃত্ৰিম বানৰ কৱলত পৰিছে। নগাওঁ চহৰৰ বৰবজাৰ ঢাকাপট্টি পথ, মহাত্মা গান্ধী পথ, জগন্নাথ মন্দিৰপথ, ৰামকৃষ্ণ পথতো এতিয়া একাঠু পানী।
বিসংগতিপূৰ্ণ নলা নৰ্দমা নিৰ্মাণৰ লগতে পৰ্যপ্ত নলা নৰ্দমাৰ অভাৱত এজাক বৰষুণতে চহৰখনত এনেদৰে সৃষ্টি হয় কৃত্ৰিম বান। কৃত্ৰিম বান ৰোধত ব্যৰ্থ হৈছে নগাওঁ পৌৰসভা। এনে পৰিস্থিতিত শাৰদীয় দুৰ্গা পূজাৰ দিন কেইটাত ৰাইজ নিঃসন্দেহে হাৰাশাস্তিৰ সন্মুখীন হ’ব।













