![]()
নিউজ ডেস্কঃ
কৰ্ণাটকৰ হিজাব বিতৰ্কৰ মাজতে মধ্যপ্রদেশৰ এখন কলেজে হিজাব নিষিদ্ধ কৰিলে। মঙ্গলবাৰে মধ্যপ্রদেশৰ দাতিয়া জিলাৰ এখন চৰকাৰী কলেজত বিশ্ব হিন্দু পৰিষদৰ মহিলা মর্চা ‘দুর্গা বাহিনী’ৰ আন্দোলনৰ পৰিপ্রেক্ষিতত কলেজ কর্তৃপক্ষই এই সিদ্ধান্ত লোৱা বুলি খবৰ। দুর্গা বাহিনীৰ দাবী কলেজ চৌহদত মুছলিম ছাত্রীসকলে হিজাব পিন্ধি আহিব নোৱাৰিব। এই ঘটনাক কেন্দ্র কৰি এতিয়া আৰম্ভ হৈছে নতুন বিতর্ক।
জানিব পৰা মতে, সোমবাৰে দুই কলেজ ছাত্রীয়ে হিজাব পিন্ধি শ্ৰেণীকোঠাত প্ৰৱেশৰ পিছতে আন্দোলন আৰম্ভ কৰে দুর্গা বাহিনীয়ে। ঘেৰাও কৰে কলেজৰ অধ্যক্ষক। তেওঁলোকৰ দাবী, কলেজ চৌহদত হিজাব নিষিদ্ধ কৰিব লাগিব।
তাৰ পিছতেই কলেজ কর্তৃপক্ষৰ এই সিদ্ধান্ত বুলি খবৰ। অৱশ্যে অধ্যক্ষৰ দাবী, কলেজত শান্তি-শৃঙ্খলা বজায় ৰাখিবলৈয়ে এই নির্দেশ দিয়া হৈছে। তেওঁৰ লগতে দাবী, আগতে কলেজলৈ কোনোৱে হিজাব পিন্ধি অহা নাছিল। কিন্তু কর্নাটকত হিজাব-বিতর্ক আৰম্ভ হোৱাৰ পিছতেই কেইগৰাকীমান ছাত্রীয়ে হিজাব পিন্ধি আহিবলৈ আৰম্ভ কৰে।













