![]()
নিউজ ডেস্কঃ
গুৱাহাটী পল্টনবজাৰ ৰেলষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ ধন।মঙলবাৰে ৰেল আৰক্ষীয়ে অভিযান চলায় জব্দ কৰে ১কোটি ৪৮ লাখ ৩০হাজাৰ ৬০০টকা।
উল্লেখ্য যে বৃহৎ ধনৰাশি সৰবৰাহত জড়িত ৩ জন সৰবৰাহকাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।ৰেল আৰক্ষীয়ে প্ৰকাশ কৰা মতে উত্তৰ প্ৰদেশৰ অভিষেক শৰ্মা( ২৭ ) উত্তৰ প্ৰদেশৰ উমেশ চান্দ শৰ্মা (৫২) আৰু নতুন দিল্লীৰ পৱন কুমাৰ (২৫) পৰা জব্দ কৰে টকাখিনি।জব্দকৃত টকাখিনি অৰুণাচলৰ পৰা দিল্লীলৈ নিয়া বাবে আনিছিল।
উল্লেখ্য যে পুৱা ৫:৩০ বজাত ষ্টেচনত অভিযান চলায় ৰেল সুৰক্ষা বাহিনী আৰু ৰেল আৰক্ষীয়ে।তাতে জব্দ হয় টকাখিনি।
ইফালে সোমবাৰে টকাখিনি গুৱাহাটীলৈ আনিছিল বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে।নিশা পল্টনবজাৰ হোটেলত কটাইছিল গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰী ৩জন।
আনহাতে পুৱা সৰবৰাহকাৰীয়ে তেজছ এক্সপ্ৰেছেৰে দিল্লীলৈ নিবলৈ লোৱা সময়তে জব্দ হয় টকাখিনি।













