![]()
নিউজ ডেস্কঃ
অসমৰ ডিজিটেল সংবাদ মাধ্যমৰ সুৰক্ষা আৰু ভৱিষ্যৎ সন্দৰ্ভত মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সভা অনুষ্ঠিত হয়। জ্যেষ্ঠ সাংবাদিক তথা nezine. com-ৰ সম্পাদক সুশান্ত তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত গুৱাহাটীস্থ ডিজিটেল মিডিয়াৰ অৰ্ধশতাধিক সাংবাদিক তথা সংবাদকৰ্মীয়ে অংশগ্ৰহণ কৰে।

সভাত ডিজিটেল সংবাদ মাধ্যমৰ বৰ্তমান গুৰুত্ব আৰু ইয়াৰ বিভিন্ন দিশ সন্দৰ্ভত বিস্তাৰিতভাবে আলোচনা কৰা হয়। লগতে বৰ্তমান অসমত ডিজিটেল সংবাদ মাধ্যমে সন্মুখীন হৈ অহা বিভিন্ন প্ৰতিবন্ধকতা, ডিজিটেল সংবাদ মাধ্যমসমূহৰ নীতি, সাংবাদিকসকলৰ দায়িত্ব আদি সন্দৰ্ভতো আলোচনা কৰা হয়। বৰ্তমান সময়ত বিভিন্ন ক্ষেত্ৰত ডিজিটেল সংবাদ মাধ্যমৰ ভূমিকাৰ ক্ষেত্ৰতো গুৰুত্ব সহকাৰে আলোচনা কৰা হয়।
সাংবাদিক নৱজ্যোতি কলিতাই আঁত ধৰা সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে ই-টিভি ভাৰতৰ অসমৰ ব্যুৰো চীফ নয়নজ্যোতি ভূঞাই। সভাত সাংবাদিকতাৰ ক্ষেত্ৰত বিভিন্ন অভিজ্ঞতা আৰু ডিজিটেল মিডিয়াৰ বৰ্তমান সময়ত ভূমিকা সন্দৰ্ভত বক্তব্য আগবঢ়ায় জ্যেষ্ঠ সাংবাদিক প্ৰণৱ বৰা, খগেন কলিতা, দীপাংকৰ দেৱশৰ্মা আৰু বেদব্ৰত বৰাই। অসমৰ ডিজিটেল ক্ষেত্ৰখনৰ বাটকটীয়া স্বৰূপ বাবুল গগৈয়ে ডিজিটেল মিডিয়াৰ বিভিন্ন প্ৰযুক্তিগত দিশ সন্দৰ্ভত আলোকপাত কৰে। লগতে সকলোৱে ডিজিটেল মিডিয়াৰ সংবাদ আৰু পৰিবেশনৰ গুণগত দিশটোৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ সহমত পোষণ কৰে।
আজিৰ সভাতে অসমৰ ডিজিটেল মিডিয়াৰ সাংবাদিকসকলক এটা ছাতিৰ তলত আনি তেওঁলোকৰ সুৰক্ষা আৰু গুণগত মান উন্নয়নৰ বাবে এখন মঞ্চ গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
প্ৰস্তাৱ অনুযায়ী ‘ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰাম’ নামেৰে ডিজিটেল মিডিয়া সাংবাদিকসকলৰ এখন মঞ্চ গঠন কৰা হয়।
জ্যেষ্ঠ সাংবাদিক বেদব্ৰত বৰাক সভাপতি হিচাপে লৈ ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ এখন তদৰ্থ সমিতি গঠন কৰা হয়।
সমিতিখন হৈছে
উপদেষ্টা :
সুশান্ত তালুকদাৰ
প্ৰণৱ বৰা
খগেন কলিতা
দীপাংকৰ দেৱশৰ্মা
সভাপতি : বেদব্ৰত বৰা
কাৰ্যকৰী সভাপতি :
নয়নজ্যোতি ভূঞা
উপ-সভাপতি :
বাবুল গগৈ
দীপক বৰ্মন
প্ৰাণজিত দাস
সংগীতা শইকীয়া
সাধাৰণ সম্পাদক :
নৱজ্যোতি কলিতা
সম্পাদক :
আজিজুৰ ৰহমান হাজৰিকা
ধ্ৰুৱজ্যোতি ধনন্তৰী
অৰূপ কলিতা
প্ৰাঞ্জল শৰ্মা
সদস্য :
নন্দ দেৱান
শ্বাহ আলম
ভৱেশ মেধি
মিণ্টু শৰ্মা
হীৰক কাশ্যপ
পুৱালী শৰ্মা













