![]()
নিউজ ডেস্কঃ
যুদ্ধৰ দামামা বাজিছে। তেনে পৰিস্থিতিত ইউক্রেইনত বাস কৰা ভাৰতীয়সকলক দেশলৈ উভতি অহাৰ পৰামর্শ দিলে কিয়েভত অৱস্থিত ভাৰতীয় দূতাবাসে।
মঙ্গলবাৰে ভাৰতীয় দূতাবাসৰ পৰা বিজ্ঞপ্তি জাৰি কৰি জনোৱা হৈছে, ভাৰতীয় নাগৰিকসকলৰ লগতে কিয়েভত থখা ভাৰতীয় শিক্ষাৰ্থীসকলকো অবিলম্বে দেশলৈ উভতাৰ কথা কোৱা হৈছে। লগতে যিসকলে এই মুহূর্তত উভতি আহিব নোৱাৰে তেওঁলোকক দূতাবাসৰ সৈতে যোগাযোগ ৰাখিবলৈ কোৱা হৈছে।
উল্লেখ্য, ইউক্রেইনৰ ওপৰত আক্ৰমণ চলাবলৈ প্রায় প্রস্তুত ৰাছিয়া। এনে অৱস্থাত আগন্তুক ৪৮ ঘণ্টাৰ ভিতৰত জৰুৰী বৈঠকৰ আহ্বান জনাইছে ইউক্রেইন চৰকাৰে। ইউক্রেইনৰ বিদেশমন্ত্রী দিমিত্রো কুলেবাই এই কথা জনাইছে।













