![]()
ডিফুঃ
আজিৰে পৰা প্ৰযোজ্য হোৱাকৈ ৰাজ্যত ক’ভিড সংক্ৰান্তীয় যকলো নিতী-নিৰ্দেশনা প্ৰত্যাহাৰ হৈছে ৷ পাহাৰীয়া জিলা কাৰবি আংলঙতো ইয়াৰ প্ৰভাৱ পৰিছে যদিও ডিফু প্ৰেছ ক্লাৱে এই সন্দৰ্ভত গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী কাৰ্যসূচী ৷
এই উপলক্ষে ডিফু প্ৰেছ ক্লাৱৰ সমীপৰ ৰাজপথত ডিফু প্ৰেছ ক্লাৱৰ উদ্যোগত পথচাৰী অট’চালক আৰু ব্যৱসায়ী সকলৰ মাজত বিতৰণ কৰা হয় মাস্ক আৰু ছেনিটাইজাৰ, ডিফু প্ৰেছ ক্লাৱৰ সভীপতি বৰছিং ৰংফাৰে মাস্ক আৰু ছেনিটাইজৰ বিতৰণ কাৰ্যসূচীৰ শুভ উদ্ধোধন কৰে তেওঁৰ সৈত্ সহযোগ কৰে ডিফু প্ৰেছ ক্লাৱৰ প্ৰাক্তন সম্পাদক সুশান্ত আৰু ডিফু নগৰ যান বাহন শাখাৰ ভাৰ প্ৰাপ্ত বিষয়া ধন বৰাই ৷
আজিৰ কাৰ্যসূচীত ডিফু প্ৰেছ ক্লাৱৰ বিষয় ববীয়া আৰু সদস্য সকলো উপস্থিত থাকি ৰাইজৰ মাজত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে ৷ মাস্ক, ছেনিটাইজাৰ গ্ৰহণতো ৰাইজে পূৰ্ণ সঁহাৰি জনোৱা পৰিলক্ষিত হয় ৷ এই সন্দৰ্ভত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত ডিফু প্ৰেছ ক্লাৱৰ সভাপতি বৰছিং ৰংফাৰে কয়যে, আজিৰে পৰা ৰাজ্যত ক’ভিডৰ সকলোবোৰ নিতী-নিৰ্দেশনা প্ৰত্যাহাৰ হ’ল ৷
মুখ্যমন্ত্ৰী ডাঃ হিনৃমন্ত বিশ্ব শৰ্মাই ক’ভিডৰসবিধি সমূহ প্ৰত্যাহাৰ হ’ল যদিও ৰাইজক মাস্ক পৰিধান, ছেনিটাইজাৰ ব্যৱহাৰ আৰু দুটাকৈ ক’ভিড ভেকচিন লবলৈ আহ্বান জনায় ৷ মুখ্যমন্ত্ৰী গৰাকীৰ উক্ত আহ্বানক সন্মান জনাই ক’ভিডৰ বিধি-নিয়মৰ প্ৰত্যাহাৰৰ দিনটোতেই ব্যতিক্ৰমী আৰু সজাগতামূলক ভাবে এনে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে ৷













